অসম

assam

ETV Bharat / state

Azadi Ka Gaurav Yatra: ডিমা হাছাওত কংগ্ৰেছৰ আজাদী কা গৌৰৱ যাত্ৰা

ভাৰতৰ স্বাধীনতাৰ 75 বছৰ পূৰ্তি উপলক্ষে ডিমা হাছাও জিলাত কংগ্ৰেছে আজাদী কা গৌৰৱ যাত্ৰা(Azadi Ka Gaurav Yatra)ৰূপায়ণ কৰে । মঙলবাৰে হাফলং ৰাজীৱ ভৱনৰ সন্মুখত কংগ্ৰেছৰ আজাদী কা গৌৰৱ যাত্ৰাৰ আৰম্ভ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক নিৰ্মল লাংথাচাই ।

By

Published : Aug 10, 2022, 11:57 AM IST

Azadi Ka Gaurav Yatra
ডিমা হাছাওত কংগ্ৰেছৰ আজাদী কা গৌৰৱ যাত্ৰা

ডিমা হাছাও, ১০ আগষ্ট: ভাৰতৰ স্বাধীনতাৰ 75 বছৰ পূৰ্তি উপলক্ষে ডিমা হাছাও জিলাত কংগ্ৰেছে আজাদী কা গৌৰৱ যাত্ৰা ৰূপায়ণ কৰে(Azadi Ka Gaurav Yatra in Dima Hasao)। মঙলবাৰে হাফলং ৰাজীৱ ভৱনৰ সন্মুখত কংগ্ৰেছৰ আজাদী কা গৌৰৱ যাত্ৰাৰ আৰম্ভ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক নিৰ্মল লাংথাচাই । প্ৰথমতে ৰাজীৱ ভৱনৰ সন্মুখত কংগ্ৰেছৰ নেতা-কৰ্মীয়ে মহাত্মা গান্ধী(Mahatma Gandhi)আৰু হাফলং চহৰত থকা বীৰ সম্ভোধন ফংলোৰ(Veer Sambhodhana phanglo)প্ৰতিমূৰ্ত্তিত শ্ৰদ্ধাঞ্জলি নিবেদন কৰে ।

ডিমা হাছাওত কংগ্ৰেছৰ আজাদী কা গৌৰৱ যাত্ৰা

ডিমা হাছাও জিলা কংগ্ৰেছ নেতা সমৰজিত হাফলংবাৰে কয় যে মঙলবাৰৰ পৰা সমগ্ৰ দেশব্যাপী কংগ্ৰেছে ভাৰতৰ স্বাধীনতাৰ 75 বছৰ পূৰ্তি উপলক্ষে আজাদী কা গৌৰৱ যাত্ৰাৰ আৰম্ভ কৰিছে । এই কাৰ্যসূচী অহা 14 আগষ্টলৈকে চলিব বুলি তেওঁ কয় । উল্লেখ্য় যে সমগ্ৰ দেশৰ লগতে ডিমা হাছাও জিলাৰ বিভিন্ন ঠাইত এই পদযাত্ৰা চলিব ।

সমৰজিত হাফলংবাৰে পুনৰ কয় যে ব্ৰিটিছ ঔপনিবেসিক শাসনৰ পৰা আমাৰ দেশ মুক্ত হোৱাৰ পিছতে বিজেপিৰ শাসন কালত দেশৰ নাগৰিক ব্য়ক্তিগতকৰণৰ পৰা মুক্ত হ'ব পৰা নাই । বিজেপিৰ এই ব্য়ক্তিগতকৰণৰ পৰা এক মুক্ত ভাৰত গঢ়াৰ লক্ষ্যৰে আৰু দেশৰ ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে এই আজাদী কা গৌৰৱ যাত্ৰাৰ আৰম্ভ কৰা বুলি তেওঁ কয় । তেওঁ পুনৰ কয় যে ভাৰতৰ স্বাধীনতা সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যত কংগ্ৰেছে ভাৰতৰ স্বাধীনতাৰ 75 বছৰ পূৰ্তিৰ অংশ হিচাবে আজাদী কা গৌৰৱ যাত্ৰা কাৰ্যসূচী হাতত লৈছে ।

ডিমা হাছাও জিলা কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে 1947 চনত ভাৰত স্বাধীন হোৱাৰ সময়ত হাফলং মহকুমা আছিল । তেতিয়া মহকুমা বিষয়া আছিল সি এছ বৌট । সেই সময়ত ব্ৰিটিছৰ পতাকা নমাই স্বাধীন ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰিছিল হামদন হাফলংবাৰে । কিন্তু আমি তেওঁক এতিয়া মনত ৰাখিব পৰা নাই । ভাৰতৰ স্বাধীনতা আন্দোলনত ৰাণী গাইদুলুই আৰু বীৰ সম্ভোধন ফংলো আৰু জয়ভদ্ৰ হাগজাৰৰ(Jaibhadra Hagzar)অৱদানৰ কথা পাহৰিছো বুলি ক্ষোভ প্ৰকাশ কৰে । ভাৰতৰ স্বাধীনতা আন্দোলনত স্বাধীনতা সংগ্ৰামী সকলৰ আত্ম বলিদানৰ সন্দৰ্ভত জনগণৰ মাজত সজাগতা সৃষ্টি কৰাও এই কাৰ্যসূচীৰ মূল লক্ষ্য বুলি মন্ত্যব কৰে কংগ্ৰেছ নেতা সমৰজিত হাফলংবাৰে ।

লগতে পঢ়ক:Azad ka Amrit Mahotshav: হাতত AK-47 লৈ উগ্ৰপন্থীৰ মাজত ত্ৰাস সৃষ্টি কৰা মহিলা IPS গৰাকী

ABOUT THE AUTHOR

...view details