অসম

assam

ETV Bharat / state

মূল সুঁতিলৈ ঘূৰি আহিল 47 গৰাকী DNLA উগ্ৰপন্থী

ডিএনএলএৰ মুখ্য সেনাধ্যক্ষৰ নেতৃত্বত 47 গৰাকী উগ্ৰপন্থী সদস্যৰ আত্মসমৰ্পণ । শনিবাৰে হাফলঙৰ পৰা 160 কিলোমিটাৰ নিলগত অসম নগালেণ্ড সীমান্তত থকা খেপৰেত আত্মসমৰ্পণ কৰে বিদ্ৰোহী সংগঠনটোৰ কেডাৰ সকলে ৷

By

Published : Nov 13, 2021, 9:49 PM IST

Updated : Nov 13, 2021, 10:30 PM IST

47-dnla-extremist-surrenders
মূল সুঁতিলৈ ঘূৰি আহিল 47 গৰাকী DNLA উগ্ৰপন্থী

ডিমা হাছাও, 13 নভেম্বৰ : ডিমাচা নেচনেল লিবাৰেচন আৰ্মি চুমুকৈ (ডিএনএলএ) উগ্ৰপন্থী সংগঠনৰ 47 গৰাকী সদস্যৰ আত্মসমৰ্পণ । শনিবাৰে হাফলঙৰ পৰা 160 কিলোমিটাৰ নিলগত অসম নগালেণ্ড সীমান্তত থকা খেপৰেত ডিএনএলএ উগ্ৰপন্থী সংগঠনৰ মুখ্য সেনাধ্যক্ষ মুছৰাং চৰংপাঙৰ নেতৃত্বত ডিএনএলৰ 47 গৰাকী উগ্ৰপন্থী সদস্যই অস্ত্ৰ এৰি জাতীয় জীৱনৰ মূল সুঁতিলৈ ঘূৰি আহিছে ।

শনিবাৰে, দুপৰীয়া অনুমানিক 12 বাজি 30 মিনিটত জংঘলৰ পৰা উভতি আহে মুছৰাং চৰংপাঙৰ নেতৃত্বত 47 গৰাকী ডিএনএলৰ সদস্য । ইয়াৰ পিছতে ৰাজ্যৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হীৰেন নাথ তথা আই জি পি আইন শৃংখলা দীপক কেডিয়া, উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লচা, জিলা উপায়ুক্ত পল বৰুৱা আৰু আৰক্ষী অধীক্ষক জয়ন্ত সিঙৰ উপস্থিতিত ডিএনএলৰ 47 গৰাকী সদস্যই নিজৰ অস্ত্ৰ-শস্ত্ৰ সমূহ জমা দিয়ে ৷

মূল সুঁতিলৈ ঘূৰি আহিল 47 গৰাকী DNLA উগ্ৰপন্থী

উল্লেখ্যযোগ্য যে, যোৱা 26 আগষ্টত ডিমা হাছাও জিলাৰ দিয়ুংমুখ থানাৰ অন্তৰ্গত ৰেঞ্জাৰবিলত ডিএনএলএ উগ্ৰপন্থী সংগঠটোৱে আক্ৰমণ চলাই 5 খন ট্ৰাক জ্বলাই দিয়াৰ লগতে পাঁচ গৰাকী নিৰীহ ট্ৰাক চালকক হত্যা কৰিছিল ।

ইয়াৰ পিছত 7 ছেপ্টেম্বৰ ডিএনএলএল উগ্ৰপন্থী সংগঠনৰ অধ্যক্ষ ইতিকা ডিফুচাই চৰকাৰৰ লগত এক পক্ষীয় যুদ্ধ বিৰতি ঘোষণা কৰাৰ পিছত যোৱা 28 অক্টোবৰত গুৱাহাটীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ইতিকা ডিফুচাই যুদ্ধ বিৰতি চুক্তিত স্বাক্ষৰ কৰে ৷ ইয়াৰ পিচতে শনিবাৰে ডিমা হাছাও জিলাৰ খেপৰে খেল পথাৰত ডিএনএলএ উগ্ৰপন্থী সংগঠনটোৰ 47 গৰাকী সদস্যই আনুষ্ঠানিক ভাৱে আত্মসমৰ্পণ কৰে । ইপিনে ৰাজ্যৰ বিশেষ শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হীৰেন নাথে কয় ডিএনএলএ উগ্ৰপন্থী সংগঠনটোৰ সদস্যসকলে অস্ত্ৰ এৰি জাতীয় জীৱনৰ মূল সুঁতি লৈ ঘূৰি অহাৰ ফলত ডিমা হাছাওত স্থায়ী শান্তি প্ৰতিষ্ঠা হ’ব ।

লগতে পঢ়ক :উঠাই লোৱা হ’ব বিশেষ ৰে’ল; স্বাভাৱিক কৰা হ’ব ভাড়া : Ashwini Vaishnaw

Last Updated : Nov 13, 2021, 10:30 PM IST

ABOUT THE AUTHOR

...view details