অসম

assam

By

Published : Mar 31, 2021, 10:48 PM IST

ETV Bharat / state

টিংখাং মহাবিদ্যালয়ৰ উপাধ্যক্ষ হৰেশ্বৰ গগৈক বিদায় সম্বৰ্ধনা

টিংখাং মহাবিদ্যালয়ৰ উপাধ্যক্ষ তথা ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক হৰেশ্বৰ গগৈক আজি বিদায় সম্বৰ্ধনা জনোৱা হয় ৷ অধ্যাপক হৰেশ্বৰ গগৈয়ে টিংখাং মহাবিদ্যালয়ৰ সুদীৰ্ঘ ৩০ বছৰ উপাধ্যক্ষ হিচাপে দায়িত্ব পালন কৰি আহিছিল ।

টিংখাং মহাবিদ্যালয়ৰ উপাধ্যক্ষ হৰেশ্বৰ গগৈক বিদায় সম্বৰ্ধনা
টিংখাং মহাবিদ্যালয়ৰ উপাধ্যক্ষ হৰেশ্বৰ গগৈক বিদায় সম্বৰ্ধনা

মৰাণ, 31 মাৰ্চ : টিংখাং মহাবিদ্যালয়ৰ উপাধ্যক্ষ তথা ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক হৰেশ্বৰ গগৈক আজি বিদায় সম্বৰ্ধনা জনোৱা হয় ৷ অধ্যাপক হৰেশ্বৰ গগৈয়ে টিংখাং মহাবিদ্যালয়ৰ সুদীৰ্ঘ ৩০ বছৰ উপাধ্যক্ষ হিচাপে দায়িত্ব পালন কৰি আহিছিল ।

টিংখাং মহাবিদ্যালয়ৰ উপাধ্যক্ষ হৰেশ্বৰ গগৈক বিদায় সম্বৰ্ধনা

অৱসৰ লৈ মহাবিদ্যালয় খনৰ পৰা বিদায় লোৱাত উপাধ্যক্ষ জনক মহাবিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰীৰ লগতে টিংখাং আঞ্চলিক ছাত্ৰ সন্থাইও সম্বৰ্ধনা জনায় । ইয়াৰ লগতে উপাধ্যক্ষ হৰেশ্বৰ গগৈয়ে অৱসৰ গ্ৰহণ কৰাত আজি টিংখাং মহাবিদ্যালয়ৰ উপাধ্যক্ষ হিচাপে বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক ড৹ যতীন্দ্ৰনাথ কোঁৱৰে দায়িত্ব গ্ৰহণ কৰেে।

লগতে পঢ়ক: অবাধ বনধ্বংসই অশনি সংকেট কঢ়িয়াইছে পূবৰ আমাজনলৈ

ABOUT THE AUTHOR

...view details