অসম

assam

ETV Bharat / state

টিংখাং-দুলীয়াজানৰ সংযোগকাৰী হিচাপে পৰিচিত টুলুঙা নাও

বুঢ়ীদিহিং নদীৰ এটা ব্যস্ত ঘাট । ঘাটটোৱে সংযোগ কৰিছে ডিব্ৰুগড় জিলাৰ দুটাকৈ বিধানসভা সমষ্টিক । স্বাধীনতাৰ ৭০ বছৰৰ পাচতো ব্যস্ততাপূৰ্ণ ঘাটটোত স্থাপন নহ'ল দলং । ফলত কি দৰে দুয়োপাৰৰ বাসিন্দাসকলে যাতায়াত কৰে চাওক এই প্ৰতিবেদনত ।

Journey by a cockboat at telpani ghat
টুলুঙা নাওে একমাত্ৰ ভৰষা দুটাকৈ বিধানসভা সমষ্টি

By

Published : Jul 31, 2021, 6:40 PM IST

টিংখাং, 31 জুলাই :বুঢ়ীদিহিং নদীৰ এটা ঘাট । নাম তেলপানী ঘাট । ঘাটটোৱে সংযোগ কৰিছে জিলাখনৰ দুটাকৈ বিধানসভা সমষ্টি । এফালে টিংখাং আৰু আনফালে দুলীয়াজান সমষ্টি ।

দুয়োটা সমষ্টিৰ মাজত যোগাযোগৰ মাধ্যম একমাত্ৰ টুলুঙা নাও । ব্যস্ততাৰ অন্ত নাই এই তেলপানী ঘাটত । টিংখাঙৰ আঘোণীবাৰী, লেঙেৰী, ধমন, চেচাবিল আদি কেইবাখনো গাঁৱৰ বাসিন্দাৰ বাবে দুলীয়াজান, টেঙাখাট, ডিব্ৰুগড়লৈ যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট কম দূৰত্ব আৰু কম ব্যয় হয় এই পথেৰে যাত্ৰা কৰাতো ৷ সেয়ে নিতৌ ব্যস্ত থাকে এই বিশেষ ঘাটটো ।

বুঢ়ীদিহিঙৰ পাৰৰ কৃষক আৰু পশুপালকসকলৰো ব্যৱসায়ৰ ক্ষেত্ৰত এই ঘাটতোৱে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে । এখন দলঙৰ অভাৱত ঘাটটোৰে নিতৌ শতাধিক লোকে টুলুঙা নাৱত উঠি বিপদ সংকুলভাৱে যাতায়াত কৰিবলগীয়া হয় । ভৰ বাৰিষা বুঢ়ীদিহিঙৰ কোবাল বুকুত চুলিৰ আগত জীৱ লৈ পাৰাপাৰ হ'বলগীয়া হয় দুয়োপাৰৰ ৰাইজ ।

টুলুঙা নাওে সংযোগ কৰিছে ৰাজ্যৰ দুটাকৈ সমষ্টি

স্বাধীনতাৰ প্ৰায় 74 বছৰৰ পাচতো ব্যস্ততাপূৰ্ণ ঘাটটোত স্থাপন নহ'ল এখনো দলং । ফলত যাতায়াতৰ ক্ষেত্ৰত যমৰ যাতনা ভোগ কৰিব লাগে দুয়োপাৰৰ বাসিন্দাই ৷ বিভিন্ন দল-সংগঠন তথা ৰাইজৰ ফালৰ পৰাও বিভাগীয় কৰ্তৃপক্ষক এখন দলং নিৰ্মাণৰ বাবে বাৰম্বাৰ অনুৰোধ জনোৱা হৈছিল ৷

কিন্তু এইক্ষেত্ৰত কোনো সুফল নাপালে অঞ্চলটোৰ ৰাইজে ৷ বিভাগীয় কৰ্তৃপক্ষৰ প্ৰতিশ্ৰুতিতেই সীমাৱদ্ধ হৈ থাকিল তেলপানী ঘাটৰ ওপৰত দলং নিৰ্মাণৰ প্ৰসংগ ৷ যাৰ ফলত বিপাঙত পৰিছে নৈপৰীয়া ৰাইজ ৷

লগতে পঢ়ক:কৰ্ম সংস্থাপনৰ অন্য নাম খাৰুৱাজানৰ সংহত বস্ত্ৰ উদ্যোগ

ABOUT THE AUTHOR

...view details