অসম

assam

ETV Bharat / state

ভূমি পূজন কৰা হ'ল টিংখাং পলিটেকনিক শিক্ষা প্ৰতিষ্ঠানৰ

টিংখাং পলিটেকনিক শিক্ষা প্ৰতিষ্ঠান নিৰ্মাণৰ বাবে মঙলবাৰে ভূমি পূজন কৰা হয় ৷ ১ নং বেতনি গাঁৱত নিৰ্মাণ হ'ব লগা টিংখাং পলিটেকনিকৰ ভূমি পূজন কৰে টিংখাং সমষ্টিৰ বিধায়ক বিমল বৰাই ।

Tingkhong Polytechnic construction land worship
ভূমি পূজন কৰা হ'ল টিংখাং পলিটেকনিক শিক্ষা প্ৰতিষ্ঠানৰ

By

Published : Feb 23, 2021, 11:00 PM IST

টিংখং, 23 ফেব্ৰুৱাৰী : টিংখাং পলিটেকনিক শিক্ষা প্ৰতিষ্ঠান নিৰ্মাণৰ বাবে মঙলবাৰে ভূমি পূজন কৰা হয় ৷ ১ নং বেতনি গাঁৱত নিৰ্মাণ হ'ব লগা টিংখাং পলিটেকনিকৰ ভূমি পূজন কৰে টিংখাং সমষ্টিৰ বিধায়ক বিমল বৰাই।

৪১.৫ কোটিটকীয়া ব্যয় সাপেক্ষে নিৰ্মাণ হব এই পলিটেকনিক শিক্ষা প্ৰতিষ্ঠানখন । ভূমি পূজন অনুষ্ঠানত উপস্থিত থাকে টিংখাং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া লক্ষ্যজিৎ দুৱৰীয়া, কুঁৱৰী গাওঁ পঞ্চায়তৰ সভানেত্ৰী মনীষা গগৈ, বৰবাম পঞ্চায়তৰ সভাপতি সাৰংগ বকলিয়াল, শলগুৰি পঞ্চায়তৰ সৱনেত্ৰী চিমা চাংমাই, ৰাজগড় পঞ্চায়তৰ সৱনেত্ৰী চিমা গগৈ, ভূপেন গগৈ, বিশিষ্ট সমাজকৰ্মী জোনমণি গগৈ আদি ৷

ভূমি পূজন কৰা হ'ল টিংখাং পলিটেকনিক শিক্ষা প্ৰতিষ্ঠানৰ

ইফালে, ভূমি পূজন টিংখং সমষ্টিৰ অন্তৰ্গত টিংখং ৰাজহ চক্ৰৰ কাৰ্যালয়ত নৱনির্মিত তোৰন আৰু গাওঁবুঢ়া ভৱন উন্মোচন অনুষ্ঠান অনুষ্ঠিত হয় । প্ৰয়াত জয় নাৰায়ণ নেৱাৰ সোঁৱৰণত পৰিয়ালৰ লোকে আগবঢ়োৱা নৱনির্মিত তোৰণ আৰু গাওঁবুঢ়া ভৱন উন্মোচন কৰে সমষ্টিৰ বিধায়ক বিমল বৰাই ।

ভূমি পূজন কৰা হ'ল টিংখাং পলিটেকনিক শিক্ষা প্ৰতিষ্ঠানৰ

এই অনুষ্ঠানৰ লগত সংগতি ৰাখি নৱনির্মিত গাওঁবুঢ়া ভৱনৰ প্ৰাংগনত এখনি সভা অনুষ্ঠিত হয় । উক্ত সভাখন আঁত ধৰে টিংখং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া লক্ষ্যজিৎ দুৱৰীয়াই । সভাখনত উপস্থিত থাকে লেখক কোচ, পানা পাল, যদু গগৈ, বৰবাম আৰু শলগুৰি পঞ্চায়তৰ সভানেত্ৰী, সভাপতি সীমা চাংমাই, সাৰংগ বকলিয়াল, টিংখং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰাগজ্যোতি বুঢ়াগোহাঁই, ৰাজগড় আৰক্ষী চকীৰ আৰক্ষী বিষয়া ৰুদ্ৰকান্ত বৰা আদি ৷

লগতে পঢ়ক: সৰভোগত নিৰ্বাচন খেলিবলৈ লাজ কৰিছে ৰনজিৎ দাসে !

ABOUT THE AUTHOR

...view details