অসম

assam

ETV Bharat / state

উৰুকাৰ দিনা টিংখাঙত নৃশংস হত্যাকাণ্ড

টিংখাঙৰ এক চাঞ্চল্যকৰ ঘটনাই সকলোকে আচম্বিত কৰি তুলিছে ৷ দুগৰাকী মহিলাক নৃশংসভাৱে হত্যা কৰা ঘটনা সংঘটিত হৈছে টিংখাং অঞ্চলৰ বৰবাম আৰক্ষী চকীৰ অন্তৰ্গত নগাবাট গাঁৱত ৷ ঘটনাৰ বিৱৰণী অনুসৰি দুবৃৰ্ত্তৰ এটা দলে একেটা পৰিয়ালৰ সমন্ধীয় বৰমাক আৰু ভতিজাকক নৃশংসভাৱে হত্যা কৰি পলায়ন কৰে ৷

By

Published : Jan 13, 2021, 5:54 PM IST

Updated : Jan 13, 2021, 6:08 PM IST

tingkhong-lurmaharsh-murder
উৰুকা দিনাই টিংখাংত নৃশংস হত্যাকাণ্ড

টিংখাং,13 জানুৱাৰী : উৰুকাৰ দিনাই টিংখাঙৰ এক চাঞ্চল্যকৰ ঘটনাই সকলোকে আচম্বিত কৰি তুলিছে ৷ দুই মহিলাক নৃশংসভাৱে হত্যা কৰা ঘটনা সংঘটিত হৈছে টিংখাং অঞ্চলৰ বৰবাম আৰক্ষী চকীৰ অন্তৰ্গত নগাবাট গাঁৱত ৷

ঘটনাৰ বিৱৰণ অনুসৰি দুবৃৰ্ত্তৰ এটা দলে একেটা পৰিয়ালৰ সমন্ধীয় বৰমাক আৰু ভতিজাকক নৃশংসভাৱে হত্যা কৰি পলায়ন কৰে ৷ ১৮ বছৰীয়া ভতিজাক ৰেচমা উৰাঙক ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে । লগতে স্থানীয় লোকে সদৰি কৰা মতে, সমন্ধীয় বৰমাক গৰাকীৰ নাম 59 বছৰীয়া বিৰাজো উৰাং বুলি জানিব পৰা গৈছে ।

উৰুকাৰ দিনা টিংখাঙত নৃশংস হত্যাকাণ্ড

উল্লেখ্য যে, যুৱতীগৰাকীৰ মৃতদেহ পথাৰৰ মাজত উলংগ অৱস্থাত উদ্ধাৰ কৰা হৈছে বুলি জানিবলৈ দিছে স্থানীয় লোকে । বৰ্তমান ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে বাৰবাম আৰক্ষীয়ে ৷

লগতে পঢ়ক : ৰাজ্যৰ ভিন্ন প্ৰান্তৰ উৰুকাৰ দিনটোৰ কেইখনমান ছবি...

Last Updated : Jan 13, 2021, 6:08 PM IST

ABOUT THE AUTHOR

...view details