ডিব্ৰুগড়, 19 আগষ্ট : আদিবাসী ছাত্ৰ সন্থা আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ মাজৰ সংঘাত ক্ৰমাৎ তুংগত উঠিছে ৷ শনিবাৰে লাহোৱালৰ মটক চাহ বাগিচাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা আদিবাসী ছাত্ৰ সন্থাৰ এখন সভাত দুয়োটা সংগঠনৰ মাজত উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় ৷ সভাৰ মাজতে লাহোৱালত আদিবাসী ছাত্ৰ সন্থা আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ মাজত তীব্ৰ সংঘাত সৃষ্টি হৈ উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় ৷
এই সভাত উপস্থিত আছিল আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰদীপ নাগ ৷ অভিযোগ অনুসৰি প্ৰদীপ নাগে খিলঞ্জীয়াৰ বিৰুদ্ধে আগবঢ়োৱা মন্তব্যৰ বিৰোধিতা কৰি আটছাই সভা গৃহৰ চৌহদ উত্তাল কৰি তোলে ৷ চাহ জনগোষ্ঠীৰ মানুহক ভাগ ভাগ কৰি বৃহত্তৰ চাহ জনজাতি লোকসকলক বিপথে পৰিচালিত কৰি নিজৰ মাজত বিভেদ সৃষ্টি কৰিছে বুলি অভিযোগ তুলি অসম চাহ জনজাতি ছাত্ৰ সন্থাই সভাস্থলীত প্ৰতিবাদ সাব্যস্ত কৰে ৷
লগতে পঢ়ক :Public Protest in Bongaigaon :পথ মেৰামতিৰ দাবীত প্ৰতিবাদত নামিল ছাত্ৰ-ছাত্ৰী, স্থানীয় ৰাইজ