অসম

assam

By

Published : Jun 4, 2019, 9:13 PM IST

Updated : Jun 4, 2019, 11:46 PM IST

ETV Bharat / state

শ্বপিং মলে কিয় নিদিয়ে বিনামূলীয়া কেৰীবেগ?

ডিব্ৰুগড়ত বিশাল মেগা মাৰ্টত কেৰিবেগৰ নামত গ্ৰাহকৰ পৰা ধন লোৱাক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷  দীৰ্ঘদিন ধৰি প্ৰতিটো কেৰীবেগৰ বাবদ ৯ৰ পৰা ১৪টকা পৰ্যন্ত গ্ৰাহকৰ পৰা লৈ বিশাল মেগা মাৰ্টে মাধমাৰ শোধাই আহিছে গ্ৰাহকক ৷

কেৰিবেগৰ নামত লুন্ঠন নামী-দামী কোম্পানীৰ

ডিব্ৰুগড়, 4 জুন : গ্ৰাহকক কেৰিবেগ প্ৰদানৰ নামত লুন্ঠন চলাইছে নামী-দামী কোম্পানীয়ে ৷ সামগ্ৰী ক্ৰয় কৰাৰ পাচত বিনামূলীয়া কেৰীবেগৰ প্ৰদানৰ বিপৰীতে প্ৰতিটো কেৰীবেগৰ নামত গ্ৰাহকৰ পৰা লুন্ঠন ন্যূনতম ৯ টকাৰ পৰা অত্যাধিক ১৪ টকা পৰ্যন্ত ৷ চণ্ডীগড়ত ‘বাটা'ই অলপতে গ্ৰাহকক জৰিমনা আদায় দিবলগীয়া হোৱাৰ পাচতে এতিয়া সৰৱ হৈছে ৰাইজ ৷ ডিব্ৰুগড়ত বিশাল মেগা মাৰ্টত কেৰিবেগৰ নামত গ্ৰাহকৰ পৰা ধন লোৱাক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ দীৰ্ঘদিন ধৰি প্ৰতিটো কেৰীবেগৰ বাবদ ৯ৰ পৰা ১৪টকা পৰ্যন্ত গ্ৰাহকৰ পৰা লৈ বিশাল মেগা মাৰ্টে মাধমাৰ শোধাই আহিছে গ্ৰাহকক ৷

কেৰিবেগৰ নামত লুন্ঠন নামী-দামী কোম্পানীৰ

ইপিনে ভিন্ন সময়ত গ্ৰাহকে এই কথাৰ প্ৰতিবাদ কৰাৰ পাচতো গ্ৰাহকৰ মাজত বিশেষ সচেতনতাৰ অভাৱৰ বাবে এনেদৰে লুন্ঠন চলাই আহিছে ৷ উল্লেখ্য যে গ্ৰাহক সুৰক্ষা আইন অনুসৰি শ্বপিং মলসমূহে গ্ৰাহকক বিনামূলীয়াকৈ প্ৰদান কৰিব লাগে কেৰিবেগ ৷

Last Updated : Jun 4, 2019, 11:46 PM IST

ABOUT THE AUTHOR

...view details