অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ত পোহৰলৈ আহিছে দ্বিতীয়টো কিডনী বিক্ৰীৰ ঘটনা

ৰাজ্যত শেহতীয়াকৈ পোহৰলৈ আহিছে মানৱ অংগৰ গোপন বেহাৰ ভয়াৱহ তথ্য ৷ বুধবাৰে ডিব্ৰুগড়ৰ লাহোৱালত অৱস্থিত ঘোঁৰামৰা চেংঙেলিজান চাহ বাগিচাৰ এগৰাকী ব্যক্তিয়ে কিডনী বিক্ৰী কৰাৰ তথ্য পোহৰলৈ অহাৰ সময়তে পুনৰ পোহলৈ আহিছে ডিব্ৰুগড় জিলাৰ দ্বিতীয়টো কিডনী বিক্ৰীৰ ঘটনা ৷

By

Published : Jul 15, 2021, 11:00 PM IST

second-kidney-sale-case-comes-to-light-in-dibrugarh
ডিব্ৰুগড়ত পোহৰলৈ আহিছে দ্বিতীয়টো কিডনী বিক্ৰীৰ ঘটনা

মৰাণ,15 জুলাই : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড় জিলাতো সক্ৰিয় হৈ আছে ধনৰ লোভ দি মানুহৰ অংগৰ ব্যৱসায় কৰা দালাল চক্ৰ ৷ প্ৰথমে ডিব্ৰুগড় জিলাৰ লাহোৱালৰ চেঙেলীজান চাহ বাগিচাৰ পৰা কিডনী বিক্ৰী কৰা ঘটনা পোহৰলৈ অহাৰ পাছত এইবাৰ আন এক ঘটনা পোহৰলৈ আহিছে ৷ শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি ডিব্ৰুগড় চহৰৰ কাষৰীয়া বকপাৰা চাহ বাগিছা 9 নং লাইনৰ অজয় কৰ্মকাৰ নামৰ এজন শ্ৰমিকে দালাল চক্ৰৰ কৱলত পৰি বিক্ৰী কৰিলে নিজৰ কিডনী ৷ ভুক্তভোগীয়ে ডিব্ৰুগড়ৰ ভাইটি আৰু গিৰিন নামৰ দুই দলালৰ নাম লোৱাৰ পাছতে সমগ্ৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

ডিব্ৰুগড়ত পোহৰলৈ আহিছে দ্বিতীয়টো কিডনী বিক্ৰীৰ ঘটনা

অজয় কৰ্মকাৰ নামৰ ভুক্তভোগী গৰাকীয়ে জনোৱা মতে, এই দুগৰাকী দালালে এটা কিডনীৰ বাবদ তিনি লাখ পঞ্চাছ হাজাৰ টকাৰ চুক্তি কৰিছিল যদিও কেৱল দুই লাখ টকাহে প্ৰদান কৰিলে ৷ প্ৰাপ্ত খবৰ অনুসৰি প্ৰায় এক বছৰ ছয় মাহ দিন কলকাতাত নিজৰ কৱলত ৰাখি দলালে সংগ্ৰহ কৰিলে অজয় কৰ্মকাৰ কিডনী ৷ কিডনী বিক্ৰীৰ এই ঘটনাই বৰ্তমান সমগ্ৰ ডিব্ৰুগড় চহৰখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ প্ৰশাসনৰ চকুত ধূলি দি ৰাজ্যত ভয়াৱহ ভাৱে বৃদ্ধি পাইছে মানৱ অংগৰ ভয়াৱহ বেহা ৷

উল্লেখ্য যে, বুধবাৰৰ দিনটোতো পোহৰলৈ আহিছিল ডিব্ৰুগড়ৰ লাহোৱালত অৱস্থিত ঘোঁৰামৰা চেংঙেলিজান চাহ বাগিচাত এজন ব্যক্ৰীয়ে নিজৰ কিডনী বিক্ৰী কৰা ভয়াৱহ ঘটনা ৷ ৰামু কৰ্মকাৰ নামৰ এজন ব্যক্তিয়ে কলিকতাত গৈ তিনি লাখ পঞ্চাশ হাজাৰ টকাৰ বিনিময়ত বিক্ৰী কৰিলে নিজৰ কিডনী । জানিব পৰা মতে, উক্ত অঞ্চলৰ এগৰাকী মহিলাৰ লগতে দুজন পুৰুষেও বিক্ৰী কৰিছে কিডনী । আজিলৈকে ঘৰলৈ ঘুৰি অহা নাই মহিলা গৰাকী ।

লগতে পঢ়কঃ3.5 লাখ টকাত চাহ শ্ৰমিকে বেছিলে নিজৰেই কিডনী

ABOUT THE AUTHOR

...view details