ডিব্ৰুগড়,18 মাৰ্চ:কাজিৰঙা অথবা মানস অভয়াৰণ্য নহয়,এইবাৰ ডিব্ৰুগড়ৰ মেডেলা সংৰক্ষিত বনাঞ্চলত গড় ৷ ডিব্ৰুগড় চহৰৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ নিলগত থকা পশ্চিম ৰাজহ চক্ৰ তথা খোৱাং বন সংমণ্ডলৰ অধীনৰ বনাঞ্চলখনৰ সমীপৰ গাওঁ সমূহত বিগত ৫-৬ দিনৰ পৰা গড়ৰ আতংকই বিৰাজ কৰিছে । বুঢ়ী দিহিং,চেঁচা আৰু ব্ৰহ্মপুত্ৰৰ গাতে লাগি থকা বনাঞ্চল খনৰ চাপৰিত গো-পালক আৰু মহ-পালক সকলে প্ৰত্যক্ষ কৰি আহিছে গড়টো। স্থানীয় লোকৰ অভিযোগ গড়টোৱে প্ৰায়ে চোচা লয় মানুহৰ মাজলৈ ৷ যাৰ ফলত আতংকিত হৈ পৰিছে লোক সকল ৷
ডিব্ৰুগড়ৰ মেদেলা বনাঞ্চলত গড়ৰ আতংক
ডিব্ৰুগড় চহৰৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ নিলগত থকা পশ্চিম ৰাজহ চক্ৰ তথা খোৱাং বন সংমণ্ডলৰ অধীনৰ বনাঞ্চলখনৰ সমীপৰ গাওঁ সমূহত বিগত ৫-৬ দিনৰ পৰা গড়ৰ আতংকই বিৰাজ কৰিছে । বুঢ়ী দিহিং,চেঁচা আৰু ব্ৰহ্মপুত্ৰৰ গাতে লাগি থকা বনাঞ্চল খনৰ চাপৰিত গো-পালক আৰু মহ-পালক সকলে প্ৰত্যক্ষ কৰি আহিছে গড়টো।
ডিব্ৰুগড়ৰ মেদেলা বনাঞ্চলত গড়ৰ আতংক
ইতিমধ্যে বনাঞ্চলখনৰ ভিতৰত বন বিভাগৰ লগতে বন বিশেষজ্ঞৰ বৃহৎ দল এটাই গড়টো সুৰক্ষিত ভাৱে নিৰাপদ স্থানলৈ স্থানান্তৰ কৰাৰ প্ৰয়াস কৰিছে ৷ গড়টো ট্ৰেংকুলাইজ কৰিবলৈ অভিযান আৰম্ভ কৰিছে যদিও সক্ষম হোৱা নাই বন বিভাগ ৷ এই খবৰ বিয়পি পৰাৰ পাচতে গড়টো চাবলৈ বনাঞ্চলখনলৈ সোঁত বৈছে বহু লোকৰ ৷ অৱশ্যে বনৰীয়া হাতী তথা বিভিন্ন বনৰীয়া জীৱৰ বসতি বনাঞ্চলখনত প্ৰৱেশৰ ক্ষেত্ৰত সন্মূখৰ পৰা বাধা প্ৰদান কৰিছে আৰক্ষীয়ে ।
লগতে পঢ়ক:নাহৰকটীয়াত ডেৰ শতাধিক বিজেপি-কংগ্ৰেছ কৰ্মীৰ অগপত যোগদান