অসম

assam

By

Published : May 20, 2020, 4:44 PM IST

ETV Bharat / state

ৰেচনকাৰ্ড নোপোৱাক কেন্দ্ৰ কৰি টিংখাঙত উত্তপ্ত পৰিস্থিতি

টিংখাং গাঁও পঞ্চায়তৰ ৩ নং ৱাৰ্ডৰ শালমাৰী গাঁৱৰ ৰেচন কাৰ্ড নথকা পৰিয়াল সমূহে চৰকাৰে আগবঢ়োৱা সকলো সুবিধাৰ পৰা বঞ্চিত হব লগীয়া হৈছে বুলিও অভিযোগ উত্থাপন কৰিছে ক্ষোভিত ৰাইজে ।

public-protest-against-ward-mamber-in-tingkhong
ৰেচনকাৰ্ড নোপোৱাক কেন্দ্ৰ কৰি টিংখাঙত উত্তপ্ত পৰিস্থিতি

টিংখাং, 20 মে‘ : টিংখাঙৰ এখন গাঁৱৰ ৰাইজে বুধবাৰে এজন ৱাৰ্ড সদস্যৰ বিৰুদ্ধে ৰুদ্ৰৰ্মূতি ৰূপ ধাৰণ কৰে । ৰাজপথৰ ওপৰতে ৱাৰ্ড সদস্য গৰাকীক আৱদ্ধ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি গাওঁ খনৰ বহু পুৰুষ মহিলাই ।

টিংখাং গাঁও পঞ্চায়তৰ ৩ নং ৱাৰ্ডৰ শালমাৰী গাঁৱৰ এই সকল ৰাইজৰ মাত্ৰ দুই তিনিটা পৰিয়ালৰ বাহিৰে কাৰোৰে নাই ৰেচন কাৰ্ড । চৰকাৰে লকডাউনৰ সময়ছোৱাত ৰাজ্যখনৰ ৰেচন কাৰ্ড নথকা লোকসকলৰ বাবে চৰকাৰী চাউল, আৰ্থিক সাহাৰ্য আগবঢ়াই আহিছে । কিন্তু লক্ষণীয় ভাৱে এই গাওঁখনৰ ৰেচন কাৰ্ড নথকা পৰিয়াল সমূহে চৰকাৰে আগবঢ়োৱা সকলো সুবিধাৰ পৰা বঞ্চিত হব লগীয়া হৈছে বুলিও অভিযোগ উত্থাপন কৰিছে ক্ষোভিত ৰাইজে । গাওঁখনৰ ৰাইজৰ অভিযোগ মতে স্থানীয় ৱাৰ্ড সদস্য বগেন গগৈয়ে চুড়ান্ত গাফিলতি আৰু দুৰ্নীতি সংঘটিত কৰাৰ বাবেই এই সকল ৰাইজ ৰেচন কাৰ্ড লাভৰ পৰা বঞ্চিত হব লগা হৈছে । এতিয়া উক্ত ঘটনাৰ উচিত তদন্তৰ দাবী কৰিছে ক্ষোভিত ৰাইজে ।

ৰেচনকাৰ্ড নোপোৱাক কেন্দ্ৰ কৰি টিংখাঙত উত্তপ্ত পৰিস্থিতি

ইফালে ঘটনাস্থলিত সমবেত ৰাইজক আশ্বাস দিবলৈ কেইজনমান বিজেপিৰ কমৰ্কতা উপস্থিত হয় যদিও ক্ষোভিত ৰাইজে তেওঁলোকৰ আশ্বাসত পতিয়ন নগৈ ইয়াৰ উচিত তদন্ত দাবী কৰি দোষীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় ।

লগতে পঢ়ক : টিংখাঙৰ ঔফুলীয়া চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি

ABOUT THE AUTHOR

...view details