অসম

assam

ETV Bharat / state

মন্ত্ৰী বিমল বৰাৰ সমষ্টিত বাঁ‌হৰ সাঁকোৰে ৰাইজৰ যাতায়ত

মন্ত্ৰী বিমল বৰাৰ সমষ্টিত এখন দলঙৰ বাবে হাঁহাকাৰ কৰিছে ৰাইজে(Protest in Tingkhang demanding bridge) । অৱশেষত প্ৰতিবাদত নামিল এটা অঞ্চলৰ ৰাইজ ।

By

Published : May 6, 2022, 7:19 PM IST

মন্ত্ৰী বিমল বৰাৰ সমষ্টিত বাঁ‌হৰ সাঁকোৰে ৰাইজৰ যাতায়ত
মন্ত্ৰী বিমল বৰাৰ সমষ্টিত বাঁ‌হৰ সাঁকোৰে ৰাইজৰ যাতায়ত

মৰাণ,৬ মে':উন্নয়নৰ শ্লোগানেৰে শাসনৰ গাদীত বহা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ এবছৰ পূৰ্ণ হ'বৰ হ'ল । কিন্তু, এতিয়াও উন্নয়নৰ মুখ দেখা নাই ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ৰাইজে । আনতো বাদেই মন্ত্ৰীৰ সমষ্টিতেই এখন দলঙৰ বাবে হাঁহাকাৰ ৰাইজৰ ।

এতিয়া দলং বিচাৰি প্ৰতিবাদত নামিল বিমল বৰাৰ সমষ্টিৰ এটা অঞ্চলৰ ৰাইজ(Protest demanding a bridge in Tingkhang) । ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ মৰাণৰ হালমাৰী চাহ বাগিচাৰ কাষতে থকা দুটা অঞ্চল ৰাধা গ্ৰাণ্ট আৰু জংঘল লাইনৰ ৰাইজে আজিও বাঁ‌হৰ সাঁকোৰে যাতায়ত কৰিব লগা হৈছে ।

মন্ত্ৰী বিমল বৰাৰ সমষ্টিত বাঁ‌হৰ সাঁকোৰে ৰাইজৰ যাতায়ত

ডিমৌ নদীৰ ওপৰত এখন দলং নথকাত বৃহৎ অঞ্চল দুটাৰ ৰাইজে অনেক কষ্টৰে বিপদ সংকুলভাৱে পাৰ হ'ব লগা হয় নদীখন(No bridge over Dimou river) । এই পৰ্যন্ত বাঁ‌হৰ সাঁকোৰ পৰা পৰি কেইবাজনো লোক আঘাতপ্ৰাপ্তও হ'ব লগা হৈছে । নদীখন পাৰ হৈ স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী, শ্ৰমিক আৰু তিনঠেঙীয়া পঞ্চায়তলৈ লোকসকলে অহা-যোৱা কৰে ।

ৰাইজে নিজা প্ৰচেষ্টাৰে দুডালমান বাঁ‌হ পাৰি সাঁকো নিৰ্মাণ কৰি লৈছে যদিও নদীৰ পানী বাঢ়ি আহিলে বিপদ জনক হৈ পৰে যাতায়ত । ৰাইজে পঞ্চায়ত প্ৰতিনিধিক বাৰম্বাৰ আবেদন নিবেদন কৰিছে যদিও কোনো গুৰুত্ব নাই বিষয়টোক লৈ ।

যাৰ বাবে দুয়োটা অঞ্চলৰ ৰাইজ স্বতঃস্ফূৰ্ত ভাৱে ওলাই আহি নদীখনৰ পাৰতে "আমাক দলং লাগে" দাবীৰে শ্ল'গান দিয়ে । টিংখাং সমষ্টিৰ অতি ভিতৰুৱা এই অঞ্চল দুটাৰ ৰাইজৰ আহ্বানৰ প্ৰতি স্থানীয় বিধায়ক তথা ৰাজ্যৰ কেবিনেট মন্ত্ৰী বিমল বড়াই কেনেধৰণৰ সঁহাৰি দিয়ে সেয়া হ’ব লক্ষণীয় ।

লগতে পঢ়ক:প্ৰাক্তন বিধায়ক তথা বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি আব্দুৰ ৰহিম খানৰ কংগ্ৰেছ ত্যাগ

For All Latest Updates

ABOUT THE AUTHOR

...view details