অসম

assam

By

Published : Jun 9, 2022, 10:55 PM IST

ETV Bharat / state

চৰকাৰী বিদ্যালয়ৰ হতাশজনক ফল: 57 গৰাকীৰ ভিতৰত উত্তীৰ্ণ 8 গৰাকী

30 গৰাকী শিক্ষক-শিক্ষয়িত্ৰী থকা চৰকাৰী বিদ্যালয়ৰ হতাশজনক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল (Poor Results in HSLC exam 2022 at Moran) ৷ মৰাণৰ ৰাইদঙীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত 57 গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত উত্তীৰ্ণ কেৱল 8 গৰাকী শিক্ষাৰ্থী ৷

HSLC exam 2022
চৰকাৰী বিদ্যালয়ৰ হতাশজনক ফল; 57 গৰাকীৰ ভিতৰত উত্তীৰ্ণ 8 গৰাকী

মৰাণ, 9 জুন :চৰকাৰী বিদ্যালয়ৰ উন্নয়নৰ বাবে চৰকাৰে কোটি কোটি টকা খৰচ কৰিছে যদিও একাংশ চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ মান নিম্নগামীহে হ'বলৈ ধৰিছে । এই কথা সত্য প্ৰতিপন্ন হৈছে মৰাণৰ এখন বিদ্যালয়ত । মৰাণৰ ৰাইদঙীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত (HSLC Exam Result 2022) উত্তীৰ্ণ হাৰ তেনেই নিম্নগামী ।

বিদ্যালয়খনৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈছিল 57 গৰাকী ছাত্ৰ-ছাত্ৰী । উত্তীৰ্ণ হ'ল মাত্ৰ 8 গৰাকী । ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে শিক্ষক-শিক্ষয়িত্ৰী আছে 30 গৰাকী । যাক লৈ এতিয়া সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়া (Poor Results in HSLC exam 2022 at Moran)। বিদ্যালয়খনৰ অধ্যক্ষৰ মতে, এয়া হেনো কৰ'ণাৰ প্ৰভাৱ । কৰ'ণাৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলে ভালদৰে অধ্যয়ন কৰিব নোৱাৰিলে ।সেয়ে উত্তীৰ্ণ হাৰ নিম্ন হ'ল বুলি অধ্যক্ষই মন্তব্য কৰে ।

চৰকাৰী বিদ্যালয়ৰ হতাশজনক ফল

বিপৰীতে স্থানীয় ৰাইজে কয় যে, বিদ্যালয়খনত অনুশাসন নাই । শিক্ষক-শিক্ষয়িত্ৰীসকলেও ছাত্ৰ-ছাত্ৰীকসকলক গুৰুত্ব নিদিয়ে ৷ সেয়ে ৰিজাল্ট নিম্নগামী হৈছে । সেয়া বাৰু যিয়েই নহওক, 57 গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে 30 গৰাকী শিক্ষক-শিক্ষয়িত্ৰীৰ বিষয়টোৱেহে বিশেষ চৰ্চা লাভ কৰিছে মৰাণত ৷

লগতে পঢ়ক :16গৰাকীকৈ শিক্ষকে উত্তীৰ্ণ কৰাব নোৱাৰিলে একমাত্ৰ শিক্ষাৰ্থীগৰাকীকো

ABOUT THE AUTHOR

...view details