অসম

assam

ETV Bharat / state

অৱসৰৰ দিনটোতে ডিব্ৰুগড়ত ১১ জনক পেঞ্চনৰ যাৱতীয় নথি-পত্ৰ প্ৰদান

ডিব্ৰুগড় জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত অৱসৰৰ দিনটোতে ১১ গৰাকী লোকক পেঞ্চনৰ যাৱতীয় নথি-পত্ৰ প্ৰদান । বিদ্যালয় পৰিদৰ্শক দীপিকা চৌধুৰীয়ে ২০২০ বৰ্ষত অৱসৰ গ্ৰহণ কৰা মুঠ ৮০ গৰাকী শিক্ষক কৰ্মচাৰীক প্ৰদান কৰে যাৱতীয় নথি-পত্ৰসমূহ ।

ডিব্ৰুগড়ত ১১ জনক পেঞ্চনৰ যাৱতীয় নথি-পত্ৰ প্ৰদান
ডিব্ৰুগড়ত ১১ জনক পেঞ্চনৰ যাৱতীয় নথি-পত্ৰ প্ৰদান

By

Published : Jan 2, 2021, 9:29 PM IST

ডিব্ৰুগড়, 2 জানুৱাৰী: ডিচেম্বৰ মাহত অৱসৰ গ্ৰহণ কৰা ১১ গৰাকী শিক্ষক আৰু কৰ্মচাৰীক অৱসৰৰ দিনাই পেঞ্চন আৰু যাৱতীয় নথি-পত্ৰ প্ৰদান কৰে ডিব্ৰুগড় জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক দীপিকা চৌধুৰীয়ে । শুকুৰবাৰে ডিব্ৰুগড় জিলাৰ পৰিদৰ্শকৰ প্ৰেক্ষাগৃহত প্ৰদান কৰা হয় নথি-পত্ৰসমূহ । যিটো সময়ত একাংশই বিভাগটোক পেঞ্চন সময়মতে নিদিয়া বুলি সমালোচনা কৰি আহিছে তেনে সময়তে দীপিকা চৌধুৰীয়ে লোৱা এনে ধৰণৰ পদক্ষেপক সকলোৱে শলাগে ।

ডিব্ৰুগড়ত ১১ জনক পেঞ্চনৰ যাৱতীয় নথি-পত্ৰ প্ৰদান
পেঞ্চনৰ যাৱতীয় নথি পত্ৰ প্ৰদান কৰি পৰিদৰ্শক দীপিকা চৌধুৰীয়ে কয় যে, এই কাৰ্যালয়ৰ কৰ্মচাৰীসকলে দিন-ৰাতি একাকাৰ কৰি পেঞ্চনাৰসকলক যাৱতীয় নথি-পত্ৰ প্ৰদান কৰাত তেওঁলোকৰ মুখত হাঁহি বিৰিঙিছে । পেঞ্চনাৰ সকলৰ মুখত এইদৰে হাঁহি বিৰিঙাবলৈ পাই নিজকে সুখী অনুভৱ কৰে দীপিকা চৌধুৰীয়ে । লগতে কৰ্মচাৰীসকলক ধন্যবাদো জনায় তেওঁ।

২০২০ বৰ্ষত অৱসৰ গ্ৰহণ কৰা শিক্ষক কৰ্মচাৰীসকল ক্ৰমে স্বৰূপা নন্দ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী পদ্মলতা য়েন, কঁঠালগুৰি উচ্চতৰ মাধামিক বিদ্যালয়ৰ পৰশমণি দত্ত, নন্দেশ্বৰ চক্ৰৱৰ্তী উঃ মাধ্যমিক বিদ্যালয়ৰ অঞ্জুমণি বৰা দুৱৰা, ধেমেচি উঃ মাধ্যমিক স্কুলৰ শৈলেন শেনচোৱা, কুটোহা উঃ মাধ্যমিক বিদ্যালয়ৰ উপেন নাথ গগৈ, পঠালীবাম উঃ মাধ্যমিক বিদ্যালয়ৰ প্ৰশান্ত চমুৱা, বগডং উঃ মাধ্যমিক বিদ্যালয়ৰ ইন্দ্ৰেশ্বৰ বৰুৱা, আঘোনীবাৰী উঃ মাধ্যমিক বিদ্যালয়ৰ মণিৰাম গগৈ, মদাৰখাত উঃ মাধামিক বিদ্যালয়ৰ নিম্ন বৰ্গ সহায়ক লিখেশ্বৰ গগৈ, কুটোহা বীনাপানী উঃ মাধ্যমিক বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী মুহিধৰ বৰুৱা আৰু অসম বিদ্যাপীঠ উঃ মাধ্যমিক বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী উনেশ্বৰ ফুকন ।

শুকুৰবাৰ এই অনুষ্ঠানত ডিব্ৰুগড় জিলাৰ কৰ্মচাৰী পৰিষদৰ সম্পাদক অনিল সিংহ, অধিবিদ্যা পৰিষদৰ সভাপতি পূণ্য নাথ পাংগিং, সম্পাদক তৰংগ কল্লোল শইকীয়াকে আদি কৰি ভালেকেইজন গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।


লগতে পঢ়ক: GMCH ত ক’ৰণাৰ প্ৰতিষেধক প্ৰদানৰ পূৰ্বে অনুশীলন

ABOUT THE AUTHOR

...view details