মৰাণ, 16 মে’ :সমগ্ৰ ৰাজ্যৰ লগে লগে মৰাণতো ভয়ানকভাৱে বৃদ্ধি পাইছে ক'ভিড আক্ৰান্ত লোকৰ সংখ্যা । প্ৰায় প্ৰতিদিনেই ক'ভিডত আক্ৰান্ত হৈ দুই তিনিজনকৈ লোকৰ মৃত্যু হৈছে চহৰখনত । ফলত ক'ভিড প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নীতি নিয়ম প্ৰয়োগ কৰাৰ ক্ষেত্ৰত কঠোৰ হৈছে প্ৰশাসন।
ৰাজ্য চৰকাৰৰ নতুন নিৰ্দেশনা মানি ১১ বজাত বন্ধ হ'ল মৰাণৰ দোকান-পোহাৰ - ক'ভিড
দেওবাৰে দিনৰ ১১ বজাৰ লগে লগেই মৰাণত বন্ধ কৰা হ’ল সকলো দোকান-পোহাৰ তথা ব্যৱসায়ীক প্ৰতিষ্ঠান । ৰাজ্য চৰকাৰৰ নতুন নিৰ্দেশনা সম্পূৰ্ণৰূপে অৱলম্বন কৰি মৰাণৰ ব্যৱসায়ী সকলে প্ৰদৰ্শন কৰিলে সজাগতাৰ নিদৰ্শন ৷
ৰাজ্য চৰকাৰৰ নতুন নিৰ্দেশনা মানি ১১ বজাত বন্ধ হ'ল মৰাণৰ দোকান-বজাৰ
দেওবাৰে, ৰাজ্য চৰকাৰে দিয়া নতুন নিৰ্দেশনা অৱলম্বন কৰি ১১ বজাৰ লগে লগেই মৰাণৰ ব্যৱসায়ী সকলে বন্ধ কৰিলে সকলো দোকান-বজাৰ, ব্যৱসায় প্ৰতিষ্ঠান ।
লগতে পঢ়ক :নিশা আঢ়ৈ বজাত জিএমচিএইচত কিয় উপস্থিত হ'ল মুখ্যমন্ত্ৰী ?