মৰাণ , ৩১ ডিচেম্বৰ :ডিব্ৰুগড়ৰ এক অগ্ৰণী শিক্ষানুষ্ঠান লেকাই কে চি জাতীয় বিদ্যালয়ত এক বিশেষ সম্বৰ্ধনা অনুষ্ঠান । ২০২০ বৰ্ষৰ বিদায়ী ক্ষণত সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ চূড়ান্ত ফলাফলত অসম অসামৰিক সেৱাত ৩৫ নম্বৰ স্থান দখল কৰি গৌৰৱ কঢ়িয়াই অনা দীপাৱলী কুৰ্মীক বিদ্যালয়ত অনুষ্ঠিত হোৱা এই সভাত সম্বৰ্ধনা জনোৱা হয় । লগতে যুৱ সাংবাদিক সন্থা, অসমৰ দ্বাৰা ঘোষিত ২০২০ ৰ বৰ্ষশ্ৰেষ্ঠ সাংবাদিকতা বঁটা প্ৰাপ্ত ৰাতুল বুঢ়াগোহাঁইকো এই সভাত সম্বৰ্ধনা জনায় ।
সদ্যঘোষিত অসম লােকসেৱা আয়ােগৰ চূড়ান্ত পৰীক্ষাত কেইবাগৰাকী ছাত্র-ছাত্ৰীয়ে ডিব্ৰুগড়লৈ গৌৰৱ কঢ়িয়াই আনিছে তাৰ ভিতৰত দীপাৱলী কুৰ্মীও এগৰাকী । কেৰাচিন তেলৰ চাকিৰ পোহৰত, বিভিন্ন অনুষ্ঠান আৰু সুহৃদয়ৱান লোকৰ সহযোগ-অনুপ্ৰেৰণাত অধ্যয়ন কৰি ৩৫ সংখ্যক স্থান দখল কৰিবলৈ সক্ষম হৈছে চাহ শ্রমিক জিতেন কুৰ্মী আৰু আলমনা কুৰ্মীৰ কন্যা দীপাৱলী কুৰ্মীয়ে ।
সম্বৰ্ধনা গ্ৰহণ কৰি দীপাৱলী কুৰ্মীয়ে নিজৰ কষ্টকৰ অতীত সোঁৱৰণ কৰা পৰিলক্ষিত হয় । কোনোদিনে APSC মানে কি বুজি নোপোৱাৰ পাছতো নিজৰ অধ্যৱসায়ৰ ফলত APSC ত সফল হোৱা সন্দৰ্ভত উপস্থিত সকলৰ আগত বক্তব্য কৰে । উল্লেখ যে ডিব্ৰুগড় জিলাৰ অতি ভিতৰুৱা কলিয়নী গাঁৱৰ নিবাসী দীপাৱলীয়ে কঠোৰ পৰিশ্ৰম, অধ্যাৱসায় তথা সাধনাৰে নিজৰ জীৱন যাত্ৰাত সফলতা অর্জন কৰি গৌৰৱ কঢ়িয়াই অনাত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে ইতিমধ্য়ে অভিনন্দন আৰু সম্বৰ্ধনা জনাইছে ।
ডিব্ৰুগড় লেকাই কে চি জাতীয় বিদ্যালয়ৰ অধ্যক্ষ সমীৰণ কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত দীপাৱলী কুৰ্মীৰ লগতে সাংবাদিক ৰাতুল বুঢ়াগোহাঁইকো ফুলাম গামোচা,সঁফুৰা,সম্বৰ্ধনা পত্ৰ আদিৰে সম্বৰ্ধনা জনোৱা হয় । সম্বৰ্ধনা গ্ৰহণ কৰি বিভিন্ন বিষয় উল্লেখ কৰাৰ লগতে শিক্ষাৰ্থীসকলক দীপাৱলী কুৰ্মীৰ আদৰ্শ অনুকৰণ কৰিবলৈ আহ্বান জনায় । কে চি জাতীয় বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সম্পাদক নৰোত্তম চবৰে আঁত ধৰা অনুষ্ঠানত সভাপতি হেমন্ত হাজৰিকা, সাহিত্যিক নোমল চন্দ্ৰ গগৈ সহ অন্যান্য শিক্ষক-শিক্ষয়িত্ৰী সকল উপস্থিত থাকে ।
লগতে পঢ়ক :বাক্সা জিলাৰ বৰমাত জিলা পৰিবহণ বিষয়াৰ তালাচী