ডিব্ৰুগড়, 4 জুলাইঃশনিবাৰে শাওনৰ পথাৰত কঠীয়া পাৰিলে ডিব্ৰুগড়ৰ লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাই । বানত ক্ষতিগ্ৰস্ত হোৱা কৃষকক কিছু সকাহ দিয়াৰ উদ্দেশ্যে প্ৰায় 70 বিঘা মাটিত কঠীয়া সিঁচাৰ ব্যৱস্থা কৰিছে স্থানীয় বিধায়ক গৰাকীয়ে । এই আঁচনিৰ দ্বাৰা প্ৰায় 600তকৈ অধিক কৃষকক তেওঁলোকে কঠীয়া যোগান ধৰিবলৈ সক্ষম হ'ব বুলিও জানিবলৈ দিয়ে বিধায়ক গৰাকীয়ে ।
শাওনৰ পথাৰত কঠীয়া সিঁচিলে লাহোৱালৰ বিধায়কে - লাহোৱাল
লাহোৱালৰ খনিকৰত খেতিয়কৰ ৰূপত দেখিবলৈ পোৱা গ'ল স্থানীয় বিধায়ক ঋতুপৰ্ণ বৰুৱাক । বানাক্ৰান্ত কৃষকক সকাহ দিয়াৰ উদ্দেশ্যে প্ৰায় 70 বিঘা মাটিত কঠীয়া সিঁচাৰ ব্যৱস্থা কৰিছে বিধায়ক গৰাকীয়ে ।

mla of lahowal constituency plugging sowed seedlings in a paddy field
শাওনৰ পথাৰত কঠীয়া সিঁচিলে লাহোৱালৰ বিধায়কে
এই ক্ষেত্ৰত যিসকল আৰ্থিকভাৱে দুৰ্বল কৃষক আছে, যিসকলে সেই স্থানলৈ আহি বীজ সংগ্ৰহ কৰিব নোৱাৰে, তেওঁলোকৰ বাবেও বীজ প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । ইয়াৰ দ্বাৰা বানাক্ৰান্ত কৃষক সকলে কিছু হ'লেও সকাহ পাব বুলি মন্তব্য কৰে বিধায়ক ঋতুপৰ্ণ বৰুৱাই । কঠীয়া পাৰিবলৈ ঠাইৰ অভাৱ হোৱা কৃষকসকলৰ বাবে, ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু কৃষিমন্ত্ৰীক অসমৰ প্ৰতিখন ৰাজহ চক্ৰতে 100 বিঘাকৈ মাটিত এনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় লাহোৱালৰ বিধায়ক গৰাকীয়ে ।
লগতে পঢ়কঃপ্ৰশাসনে জাৰি কৰিলে নতুন লক্ ডাউন নীতি