অসম

assam

ETV Bharat / state

কৃষক আইন বিৰোধিতাৰে টিংখাঙত কংগ্ৰেছৰ অভিনৱ প্ৰতিবাদ

টিংখাঙত কৃষক আইনৰ বিৰোধিতাৰে কংগ্ৰেছৰ প্ৰতিবাদ ৷ বিভিন্ন শ্ল'গানৰে কৃষক আইন বিৰোধিতা কৰিছে প্ৰতিবাদকাৰীয়ে ৷

By

Published : Oct 10, 2020, 3:15 PM IST

Massive protest of the Congress in Tingkhang, against Farmars act 2020
কৃষক আইন বিৰোধিতাৰে টিংখাঙত কংগ্ৰেছৰ অভিনৱ প্ৰতিবাদ

টিংখাং, 10 অক্টোবৰ : কৃষক বিৰোধী আইনৰ বিৰোধিতাৰে টিংখাঙত বিৰোধী দল কংগ্ৰেছে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে ৷ নাঙল-যুঁৱলী,জাপি,টেক্টৰ লৈ কংগ্ৰেছে সাব্যস্ত কৰিলে প্ৰতিবাদ

কৃষক আইন বিৰোধিতাৰে টিংখাঙত কংগ্ৰেছৰ অভিনৱ প্ৰতিবাদ

টিংখাঙৰ ঐতিহাসিক শ্ৰীশ্ৰী যুৰীয়া আই থানৰ সমীপত কংগ্ৰেছ কৰ্মী সকলে বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰি ৰাজগড় শ্বহীদ বেদীৰ সমীপলৈকে সমদল কৰে । টিংখাং ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত গ্ৰহণ কৰা তথা ডিব্ৰুগড় জিলা কংগ্ৰেছৰ সভাপতি,টিংখাঙৰ প্ৰাক্তন বিধায়ক এটোৱা মুণ্ডা, টিংখাং ব্লক কংগ্ৰেছ কমিটীৰ সভাপতি ৰমেশ চাংমাই,মহিলা কংগ্ৰেছৰ ৰেখা মুণ্ডা আদিৰ নেতৃত্বত গ্ৰহণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

কৃষক আইন বিৰোধিতাৰে টিংখাঙত কংগ্ৰেছৰ অভিনৱ প্ৰতিবাদ

কেন্দ্ৰীয় চৰকাৰে কৃষকক শোষণ আৰু বঞ্চনা কৰি পুঁজিপতিক লাভান্বিত কৰিবলৈ কৃষি আইন বলৱৎ কৰা বুলি ক্ষোভ প্ৰকাশ কৰি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে ৷

লগতে পঢ়ক :মানাহত দুৰ্ধৰ্ষ চোৰাং চিকাৰীৰ আত্মসমৰ্পণ

ABOUT THE AUTHOR

...view details