ডিব্ৰুগড়, 28 অক্টোবৰ :এফালে শুকাইছে সোণশিৰিৰ নদী আনফালে ডিব্ৰুগড়ত নৈপৰীয়া ৰাইজৰ শুকাইছে অণ্ঠ-কণ্ঠ ৷ কাৰণ যি কোনো মুহূৰ্ততে নৈৰ বুকত জাহ যাব পাৰে আপোন ঘৰখন ৷ বৰ্তমানো ডিব্ৰুগড়ৰ মোহনাঘাটত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া অব্যাহত আছে ৷ ফলত দিনক দিনে বিপদ নামিছে ডিব্ৰুগড় চহৰলৈও ৷
আনহাতে ব্ৰহ্মপুত্ৰৰ খহনীয়াই স্পৰ্শ কৰিলে ডিব্ৰুগড়ৰ চহৰৰ ৰক্ষা কৱছ স্বৰূপ সুৰক্ষা বান্ধ । ইতিমধ্যে ডিব্ৰুগড়ৰ মোহনাঘাটত সৃষ্টি হোৱা ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়াত জাহ গৈছে বহু পৰিয়ালৰ ঘৰ, কৃষিভূমি । মোহনাঘাটত বিগত কেইবাদিনো ধৰি ব্ৰহ্মপুত্ৰৰ খহনীয়া অব্যাহত থকা শতাধিক পৰিয়ালক পুনৰ স্থানান্তৰিত কৰা হৈছে ।
ইফালে খহনীয়া প্ৰতিৰোধৰ বাবে বিভাগীয় লোকে মাত্ৰ জি’অ বেগ পেলায়েই দায়িত্ব সামৰিছে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ উল্লেখ্য যে, যোৱা 16 আক্টোবৰত ডিব্ৰুগড়ৰ এখন সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ৰ এই খহনীয়াক লৈ উদ্বেগ প্ৰকাশ কৰিছিল ।