ডিব্ৰুগড়,19 ডিচেম্বৰঃঅসম জাতীয় পৰিষদত সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰা পিছতেই শনিবাৰে ডিব্ৰুগড়ত উপস্থিত হয় লুৰীণজ্যোতি গগৈ । শনিবাৰে AJP ৰ সভাপতিগৰাকীয়ে শিৱসাগৰৰ পৰা পোনে পোনে ডিব্ৰুগড়ৰ খনিকৰ পিতৃ পৰিয়ালৰ গৃহত উপস্থিত হয়।
আনহাতে নিজ গৃহ চহৰত উপস্থিত হোৱাৰ পিছতেই পৰিয়ালৰ সদস্যসকলৰ লগতে শ শ অনুৰাগীয়ে সভাপতিগৰাকীক ফুলাম গামোচা লগতে অন্যান্য উপহাৰে উস্ম অভিনন্দন জনায়। খনিকৰ পিছতেই লাহোৱালত লুৰীণজ্যোতি গগৈক AJP দলীয় কৰ্মকৰ্তা লগতে অন্যান্যসকলে অভিনন্দন জনায়।