ডিব্ৰুগড়,19 নৱেম্বৰ:ডিব্ৰুগড়ৰ বৈৰাগীমঠত চাঞ্চল্যকৰ ঘটনা (Sensational incident in Dibrugarh)। মৃত ঘোষণা কৰা দেৱশিশু জীৱিত থকাৰ অভিযোগ পৰিয়াল তথা আত্মীয়-স্বজনৰ । এই অভিযোগ উত্থাপিত হৈছে হীৰক জয়ন্তী অতিক্ৰম কৰা ঐতিহ্যমণ্ডিত অসম চিকিৎসা মহাবিদ্যালয়ৰ বিৰুদ্ধে(Assam medical College) ৷
এটা ডেৰমহীয়া দেৱশিশুক অসম চিকিৎসা মহাবিদ্যালয়ত মৃত ঘোষণা কৰাৰ পাছত পুনৰ জীৱিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লগতে স্থানীয় ৰাইজে(Living newborn baby declared dead in Assam medical College) । ডিব্ৰুগড়ৰ বৈৰাগীমঠৰ জালান চাহ বাগিচা পকা লাইনৰ লক্ষণ মূড়াৰ ডেৰ মহীয়া পুত্ৰটিৰ শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ সৃষ্টি হোৱাত অসম চিকিৎসা মহাবিদ্যালয়ত বুধবাৰে ভৰ্তি কৰোৱা হৈছিল ।
অৱশ্যে শুকুৰবাৰে সন্ধিয়া চিকিৎসাধীন অৱস্থাতে শিশুটি মৃত বুলি চিকিৎসকে ঘোষণা কৰে ৷ পৰৱৰ্তী সময়ত মৃত শিশুটিক পৰিয়ালৰ লোকে নিজ গৃহলৈ লৈ আনে আৰু যথা নীতি নিয়ম অনুসাৰে সৎকাৰৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে । পৰিয়াল, আত্মীয় আৰু স্থানীয় লোকে শিশুটিৰ নিজ গৃহত নীতি নিয়ম সম্পন্ন কৰাৰ পাছত শ্মশানত সমাধিস্থ কৰাৰ বাবে প্ৰস্তুতি চলাওঁতেই শিশুটি জীৱিত থকা যেন অনুভৱ কৰে ।