ডিব্ৰুগড়, 24 জুন : যিসময়ত ৰাষ্ট্ৰসংঘৰ দৰে এটি আন্তঃৰাষ্ট্ৰীয় সংস্থাই মাতৃভাষাসমূহৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান প্ৰদৰ্শনেৰে যি মহৎ পদক্ষেপ হাতত লৈছে, সেই সময়ত লক্ষণীয়ভাৱে জাতীয় চৰকাৰ আৰু বিভিন্ন অনুষ্ঠানসমূহেই নিজৰ মাতৃভাষাৰ প্ৰতি চৰম অৱহেলা আৰু অসন্মান প্ৰদৰ্শন কৰাহে দেখিবলৈ পোৱা গৈছে ৷ 'বাধ্যতামূলক কৰক মাতৃভাষা' ৰাজ্যত এই আন্দোলন বহু পূৰণি । মাজে মাজে ৰাজপথতো চলে, ‘অসমীয়া’ক মাতৃভাষা হিচাপে ব্যৱহাৰ বাধ্যতামূলক কৰাৰ আন্দোলন । চৰকাৰেও ৰাজ্যত চৰকাৰী কাম-কাজসমূহত অসমীয়া ভাষা ব্যৱহাৰৰ পোষকতা কৰি আহিছে ৷
অসমীয়া ভাষাক ৰক্ষা কৰাৰ বাবে আন্দোলন কৰিবলৈ ওলাই আহি প্ৰাণ আহুতি দিছিল বহু অসমীয়া ডেকাই ৷ ভাষা আন্দোলন, মাধ্যম আন্দোলনৰ জৰিয়তে অসমীয়া ভাষাটোক জীয়াই ৰাখিছিল আমাৰ পূৰ্বজসকলে ৷ ১৯৬০ চন আৰু ১৯৭২ চনত দুবাৰকৈ আন্দোলন কৰাৰ পাছতো যেন আজিও সুৰক্ষিত ন’হল অসমীয়া ভাষা ৷
ভাষা থাকিলেহে এটা জাতিৰ পৰিচয় জীয়াই থাকিব । কিন্তু এচাম অনা-অসমীয়া বণিক গোষ্ঠী তথা বিষয়া আমোলাৰ দপদপনিৰ বাবেই হওক বা এইক্ষেত্ৰত জাতীয়তাবোধ নথকা আমাৰেই এচাম কৰ্মচাৰীৰ উদাসীনতাৰ বাবেই হওক, অসমীয়া ভাষা সম্প্ৰতি এলাগী হোৱাটো পৰিলক্ষিত হৈছে । 2018 চনত ডিএলএড পৰীক্ষা পতাৰ নামত ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়েও অসমীয়া ভাষাক চৰম অপমান কৰাৰ অভিযোগ উত্থাপন হৈছিল ।