অসম

assam

ETV Bharat / state

অসম-অৰুণাচল সীমান্তৰ জয়পুৰত হোমেন বুঢ়াগোহাঁঞিৰ চিন্তাৰ স্বাক্ষৰ - চাংবাংলো

জাউতি যুগীয়া ৰূপত হোমেন বুঢ়াগোহাঁঞিৰ স্বাক্ষৰ থাকি যাব অসম অৰুণাচল সীমান্তৰ ঐতিহাসিক জয়পুৰত ৷ হোমেন বৰগোহাঁঞিৰ বাবেই ৰক্ষা পৰিছিল ১৮৫২ত বৃটিছসকলে জয়পুৰত নিৰ্মাণ কৰা এটা চাঙ বাংলো ৷

homen-borgohain-story-joypur
অসম অৰুণাচল সীমান্তৰ ঐতিহাসিক জয়পুৰত হোমেন বুঢ়াগোহাঁঞিৰ চিন্তাৰ স্বাক্ষৰ

By

Published : May 15, 2021, 10:49 PM IST

মৰাণ,15 মে’ : অসমীয়া সাহিত্য আৰু সংবাদ জগতৰ মহীৰূহ হোমেন বৰগোহাঁঞি গুচি গ’ল ৷ প্ৰয়াত বৰগোহাঞি যে ঐতিহ্য ৰক্ষাৰ চেতনা সমৃদ্ধ ব্যক্তিত্বৰ এগৰাকী অধিকাৰী আছিল তাৰ স্বাক্ষৰ থাকি গ’ল অসম অৰুণাচল সীমান্তৰ ঐতিহাসিক জয়পুৰত ৷

উল্লেখ্য যে, খ্ৰীষ্টান মিছনেৰীসকলে শদিয়াত পদাৰ্পণ কৰাৰ পিচত তেওঁলোকৰ পৰৱৰ্তী লক্ষ্যস্থান হৈ পৰিছিল জয়পুৰ ৷ এই জয়পুৰতে ১৮৫২ চনত বৃটিছসকলে স্থাপন কৰিছিল এটি আটক ধুনীয়া চাঙ বাংলোৰ ৷

স্বাধীনতাৰ পৰৱৰ্তী কালচোৱাত এই বাংলোটোৰ ব্যৱহাৰ হয় বন বিভাগৰ পৰিদৰ্শন ভৱন হিচাপে ৷ ২০০৭ চনত মেৰামতিৰ অভাৱত জৰাজীৰ্ণ ৰূপলোৱা বাংলোটো ভাঙি তাৰ ঠাইত পকী ভৱন এটা নিৰ্মাণৰ দিশে আগবাঢ়িছিল ৰাজ্য চৰকাৰৰ বনবিভাগ ৷

অসম অৰুণাচল সীমান্তৰ ঐতিহাসিক জয়পুৰত হোমেন বুঢ়াগোহাঁঞিৰ চিন্তাৰ স্বাক্ষৰ

সেই সময়তে, নাহৰকটীয়াৰ শিক্ষাবিদ জয়ানন্দ বৰুৱাৰ সৈতে জয়পুৰত উপস্থিত হৈ চাঙ বাংলোটো ভাঙি পেলোৱা হ’ব বুলি জানিব পাৰি ক্ৰোধিত হৈ পৰে হোমেন বৰগোহাঞি ৷ এই ঘটনাৰ প্ৰত্যক্ষদৰ্শী জয়ানন্দ বৰুৱাই সিদিনাৰ কথাখিনি স্মৰণ কৰি কয় ,সেইদিনা তদানীন্তন বনমন্ত্ৰী ৰকিবুল হুছেইনক চাঙ বাংলোৰ বাকৰিৰ পৰাই একপ্ৰকাৰ ধমকৰ সুৰত ফোন কৰি ইয়াৰ বিৰোধিতা কৰিছিল বৰগোহাঁঞিয়ে ৷
এনেদৰেই ৰক্ষা পৰিছিল, বৃটিছে নিৰ্মাণ কৰি থৈ যোৱা দৃষ্টিনন্দন চাঙ বাংলোটো ৷ তদানীন্তন বনমন্ত্ৰী ৰকিবুল হুছেইনৰ অধীনৰ বিভাগটোৱে হোমেন বৰগোহাঁঞিৰ কথা ৰাখি পূৰ্বৰ ৰূপ অক্ষুণ্ণ ৰাখি এটা বছৰৰ ভিতৰতে পুনঃনিৰ্মাণ কৰি দিছিল চাঙ বাংলোটো ৷

জাতীয় জীৱনৰ মহীৰূহ গৰাকী আজি নাই কিন্তু, জয়পুৰৰ বনবিভাগৰ দৃষ্টিনন্দন চাঙ বাংলোটো থাকে মানে সোঁৱৰাই থাকিব ঐতিহ্যৰ প্ৰতি সদা সংবেদনশীল, ৰুচিশীল মনৰ হোমেন বৰগোহাঁঞিৰ কথা ৷

লগতে পঢ়ক:হেমলাই চাহ বাগিছা অঞ্চলৰ পৰা দুই ধৰ্ষণকাৰী আটক

ABOUT THE AUTHOR

...view details