অসম

assam

ETV Bharat / state

মৰাণত জৰুৰীকালীন সেৱাত নিয়োজিত লোকসকলক সম্বৰ্ধনা

লক্ ডাউনৰ সময়ত জৰুৰীকালীন সেৱা আগবঢ়াই অহা লোক সকলক সোমবাৰে, মৰাণ মাৰোৱাৰী যুৱ মঞ্চৰ উদ্যোগত ফুলাম গামোচা, মাস্ক আৰু কলমেৰে সম্বৰ্ধনা জনোৱা হয় ।

felicitation to the Health worker, media person, police in Moran by marwari yuva manch
felicitation to the Health worker, media person, police in Moran by marwari yuva manch

By

Published : May 4, 2020, 11:32 AM IST

মৰাণ, 4 মে': মৰাণত মাৰোৱাৰী যুৱ মঞ্চৰ উদ্যোগত অনুষ্ঠিত হয় এক সম্বৰ্ধনা অনুষ্ঠান । য'ত জৰুৰীকালী সেৱাত নিবৃত কৰ্মকৰ্তা সকলক সম্বৰ্ধনা জনোৱা হয় । ৰাজ্যত পূৰ্বতকৈ লক্ ডাউনৰ ক্ষেত্ৰত শিথিলতা প্ৰদান কৰিলেও বিভিন্ন জিলাত আবদ্ধ হৈ থকা লোকসকলক চৰকাৰে আন্তঃজিলা পাৰপত্ৰ প্ৰদান কৰি, ভ্ৰমণৰ সুবিধা দি স্বাস্থ্য বিভাগৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা কৰি আছে ।

এই ক্ষেত্ৰত 24 ঘন্টাই মৰাণত স্বাস্থ্য কৰ্মী, আৰক্ষী, প্ৰশাসনৰ লোকে অস্থায়ী স্বাস্থ্য শিবিৰত আন্তঃজিলা ভ্ৰমণ কৰা সকলক স্বাস্থ্য পৰীক্ষা কৰি আছে । লক ডাউনৰ আৰম্ভণিৰ পৰাই মৰাণত যিসকল স্বাস্থ্য কৰ্মী, আৰক্ষী, প্ৰশাসনৰ লোক, সংবাদকৰ্মী আদিয়ে জৰুৰীকালীন সেৱা আগবঢ়াই আহিছে, তেওঁলোকক মৰাণ মৰোৱাৰী যুৱ মঞ্চই উৎসাহ যোগোৱাৰ উদ্দেশ্যে ফুল ছটিয়াই একোখনকৈ ফুলাম গামোচা, মাস্ক আৰু কলম দি সোমবাৰে সম্বৰ্ধনা জনায় ।

মৰাণত জৰুৰীকালীন সেৱাত নিবৃত লোকসকলক সম্বৰ্ধনা

লগতে পঢ়কঃবঙাইগাঁৱত সংবাদমেল সম্বোধন জিলা উপায়ুক্তৰ

ABOUT THE AUTHOR

...view details