অসম

assam

By

Published : Mar 24, 2021, 4:32 PM IST

ETV Bharat / state

৮ এপ্ৰিলত অনুষ্ঠিত হ'ব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিৰ্বাচন

পুনৰ নতুন দিন ঘোষণা কৰা হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাধাৰণ নিৰ্বাচনৰ । ৮ এপ্ৰিলত অনুষ্ঠিত হ'ব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন । ২৫ মাৰ্চৰ পৰা মনোনয়ন পত্ৰ সংগ্ৰহ কৰিব পাৰিব প্ৰাৰ্থীসকলে ।

অহা ৮ এপ্ৰিলত অনুষ্ঠিত হ'ব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাধাৰণ নিৰ্বাচন
অহা ৮ এপ্ৰিলত অনুষ্ঠিত হ'ব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাধাৰণ নিৰ্বাচন

ডিব্ৰুগড়,২৪ মাৰ্চ: অৱশেষত ঘোষণা কৰা হ'ল ঐতিহ্যমণ্ডিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ দিন । ৰাজ্যত বিধানসভা নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ প্ৰক্ৰিয়া শেষ হোৱাৰ পাছতেই আৰম্ভ হ'ব উজনি অসমৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিৰ্বাচন । পূৰ্বে ৩ বাৰকৈ নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছিল যদিও নিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল ।

৮ এপ্ৰিলত অনুষ্ঠিত হ'ব বিশ্ববিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন । বহু বাদ-বিসম্বাদ, ছাত্ৰ আন্দোলন আদিৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন নিৰ্ধাৰিত দিনত অনুষ্ঠিত হোৱা নাছিল । শেহতীয়াকৈ বিশ্ববিদ্যালয়ে তিনিবাৰকৈ দিন ঘোষণা কৰাৰ পাছতো অনুষ্ঠিত কৰা নহ'ল নিৰ্বাচন । ২০১৮-১৯ আৰু ২০১৯-২০ বৰ্ষৰ নিৰ্বাচন অনুষ্ঠিত নহৈ এইবাৰ ২০২০-২০২১ বৰ্ষৰ বাবে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ৷

৮ এপ্ৰিলত অনুষ্ঠিত হ'ব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাধাৰণ নিৰ্বাচন

উল্লেখ্য যে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোট আৰু অন্যান্য সমৰ্থনৰ দুই গোটৰ মাজত এই নিৰ্বাচনক লৈ তীব্ৰ বাদ-বিসম্বাদ সৃষ্টি হৈছে । আন্দোলনতো নামি পৰিছে একাংশ ছাত্ৰ, যাৰ পৰিপ্ৰেক্ষিতত বিশ্ববিদ্যালয়ে ইয়াৰ পূৰ্বে তিনিবাৰকৈ নিৰ্বাচনৰ দিন ঘোষণা কৰিও বাতিল কৰিবলগা হৈছে নিৰ্বাচন । এইবাৰ পুনৰ বিশ্ববিদ্যালয়ৰ নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে । বৃহস্পতিবাৰে অৰ্থাৎ ২৫ মাৰ্চৰ পৰা মনোনয়ন পত্ৰ সংগ্ৰহ কৰিব পাৰিব প্ৰাৰ্থীসকলে ।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ৰিটাৰ্ণিং বিষয়াই এক ঘোষণা পত্ৰযোগে এই কথা প্ৰকাশ কৰিছে । পত্ৰখনত উল্লেখ থকা মতে, ২৫ মাৰ্চৰ পৰা ১ এপ্ৰিললৈকে মনোনয়ন পত্ৰ দাখিলৰ পৰা উঠাই লোৱাৰ পৰ্যন্ত সমগ্ৰ প্ৰক্ৰিয়া সম্পন্ন কৰাৰ বাবে সময় নিৰ্ধাৰণ কৰা হৈছে ।

আনহাতে,৫ এপ্ৰিলৰ ২.৩০ বজাৰ পৰা প্ৰাৰ্থীসকলে প্ৰচাৰ অভিযান আৰম্ভ কৰিব পাৰিব । ৮ এপ্ৰিলৰ পুৱা ৮ বজাৰ পৰা দিনৰ ২ বজালৈ অনুষ্ঠিত হ'ব ভোটদান প্ৰক্ৰিয়া আৰু তাৰ পাছতেই লগে লগে সম্পন্ন কৰা হ'ব ভোটগণনা ।

লগতে পঢ়ক: মাজুলীত বিজেপিত যোগদান শতাধিক লোকৰ

ABOUT THE AUTHOR

...view details