অসম

assam

ETV Bharat / state

নামৰূপত সাজি উলিওৱা হৈছে 50 খন বিছনাযুক্ত ক’ভিড কেয়াৰ কেন্দ্ৰ

নামৰূপৰ বি ভি এফ চি হাস্পতালত প্ৰস্তুত কৰি উলিওৱা হৈছে এটি 50 খন বিচনাযুক্ত এটি ক’ভিড কেয়াৰ কেন্দ্ৰ (Covid care center) ৷ ক’ভিডৰ লক্ষণ দেখা দিয়া আৰু ক’ভিড পজেটিভ পোৱা অঞ্চলটোৰ ৰোগী সকলক এই ক’ভিড কেয়াৰ কেন্দ্ৰই সকাহ প্ৰদান কৰিব বুলি ধাৰণা কৰা হৈছে ৷

A_NHK_covid-care-center-has-been-constructed-at-namrup_ASC10077
নামৰূপত সাজি উলিওৱা হৈছে 50 খন বিছনাযুক্ত ক’ভিড কেয়াৰ কেন্দ্ৰ

By

Published : Jun 4, 2021, 8:17 AM IST

নাহৰকটীয়া, 4 জুন : বৃহত্তৰ নামৰূপ আৰু নাহৰকটীয়া অঞ্চলত বৃদ্ধি পোৱা ক’ভিড ৰোগীৰ প্ৰতি লক্ষ্য ৰাখি বি ভি এফ চি হাস্পতালত প্ৰস্তুত কৰি উলিওৱা হৈছে এটি ক’ভিড কেয়াৰ কেন্দ্ৰ (Covid care center) ৷ যুটীয়া স্বাস্থ্য সঞ্চালকালয়, জিলা প্ৰশাসনৰ উদ্যোগত আৰু বি ভি এফ চি এলৰ সহযোগত সাজু কৰা এই কেন্দ্ৰটো ৷

কেন্দ্ৰটোত পুৰুষ আৰু মহিলাৰ বাবে ক্ৰমে 50 খন বিচনাৰ ব্যৱস্থা কৰা হৈছে ৷ ক’ভিড (Covid 19) ৰ লক্ষণ দেখা দিয়া আৰু ক’ভিড পজেটিভ পোৱা অঞ্চলটোৰ ৰোগী সকলক এই ক’ভিড কেয়াৰ কেন্দ্ৰই সকাহ প্ৰদান কৰিব বুলি ধাৰণা কৰা হৈছে ৷ সম্ভৱতঃ এই সপ্তাহতেই কেন্দ্ৰটো মুকলি কৰা হ’ব ৷

নামৰূপত সাজি উলিওৱা হৈছে 50 খন বিছনাযুক্ত ক’ভিড কেয়াৰ কেন্দ্ৰ

উল্লেখ্য যে, ৰাজ্যৰ ভিতৰত কৰ’ণা মহামাৰীৰ সংক্ৰমণ ক্ষেত্ৰত দ্বিতীয় স্থানত আছে ডিব্ৰুগড় জিলা ৷ ইতিমধ্যে জিলাখনত 3,927 গৰাকী লোক ক’ভিড 19ত আক্ৰান্ত হোৱাৰ বিপৰীতে 17 গৰাকী লোকে প্ৰাণ হেৰুৱাইছে ৷ বৰ্তমানলৈকে জিলাখনত 1501 গৰাকী ৰোগী সক্ৰিয় অৱস্থাত আছে আৰু 2049 গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰিছে ৷

লগতে পঢ়ক-চাৰি সৰবৰাহকাৰীসহ দৰঙত 10 কেজি গাঞ্জা জব্দ

ABOUT THE AUTHOR

...view details