মৰাণ,22 মাৰ্চ:বিবেক ভোট দিবলৈ সোণোৱাল জনগোষ্ঠীক আহ্বান সদৌ সোণোৱাল কছাৰী যুৱ মঞ্চৰ ৷ বিবেকহীন ভাৱে ভোট প্ৰদান কৰাৰ বাবেই সোণোৱাল জনগোষ্ঠী আজিৰ দিনত অৱহেলিত হৈ থাকিব লগা হৈছে বুলি অভিযোগ সোণোৱাল কছাৰী যুৱ মঞ্চৰ ৷ সংগঠনটোৰ নেতৃত্বৰ অভিযোগ, কোনো এখন চৰকাৰে সোণোৱাল সকলক আগুৱাই নিবলৈ চেষ্টা নকৰিলে আৰু জনগোষ্ঠীটোৰ উন্নতিৰ বাবে কোনো ধৰণৰ আৰ্থিক অনুদান দিব নিবিচাৰিলে ৷
উল্লেখ্য যে, ঐতিহাসিক আদিম ভূমিপুত্ৰ সোণোৱাল কছাৰী জনজাতিৰ অন্যতম সংগঠন "সদৌ সোণোৱাল কছাৰী যুৱ মঞ্চ"ৰ প্ৰথম ত্ৰি-বাৰ্ষিক অধিৱেশনখনি শনিবাৰ আৰু দেওবাৰে ডিব্ৰুগড় টিংৰাই কঠালগুৰিৰ যোগেন্দ্ৰ নাথ হাজৰিকা সমন্বয় ক্ষেত্ৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় ৷ এই অধিৱেশনখনিৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয় ৷