ডিব্ৰুগড়, 16 অক্টোবৰ :ডিব্ৰুগড়ত খহনীয়াই লৈছে ভয়ংকৰ ৰূপ ৷ডিব্ৰুগড়ৰ চহৰলৈও ভাবুকি কঢ়িয়াইছে ব্ৰহ্মপুত্ৰৰ খহনীয়াই ৷ জিলাখনৰ মোহনাঘাটত সৃষ্টি হোৱা ভয়ংকৰ খহনীয়াত চকুৰ সন্মুখতে নৈ বুকুত জাহ গৈছে বহু পৰিয়ালৰ ঘৰ, কৃষিভূমি । বিগত কেইবাদিনো ধৰি মোহনাঘাটত ব্ৰহ্মপুত্ৰৰ খহনীয়া অব্যাহত থকাৰ বাবে উক্ত অঞ্চলটোৰ পৰা 70 টা পৰিয়ালক ইতিমধ্যে স্থানান্তৰিত কৰা হৈছে ৷
ইফালে ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়া দেখি শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ ৷ আনহাতে ডিব্ৰুগড়ৰ মোহনাঘাটত হোৱা খহনীয়াক লৈ উদ্বেগ প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । সোমবাৰে ডিব্ৰুগড়ত অনুষ্ঠিত এক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘‘ ডিব্ৰুগড়ত খহনীয়াৰ সমস্যা যাতে সমাধান কৰিব পাৰি তাৰ বাবে দুই এদিনতে জলসম্পদ বিভাগৰ মন্ত্ৰী গৰাকীক পৰিদৰ্শনৰ কাৰণে পঠিওৱা হ'ব ।’’
তেওঁ পুনৰ কয় যে, ডিব্ৰুগড়ৰ এটা স্থানত খহনীয়া প্ৰতিৰোধ হোৱা পাচতেই পুনৰ আন এটা স্থানত খহনীয়া হোৱা বাবে স্থায়ী সমাধান কৰাত সমস্যাৰ সৃষ্টি হৈছে । ডিব্ৰুগড়ত খহনীয়া ৰোধৰ বাবে সকলো ব্যৱস্থা কৰিব চৰকাৰে এই আশ্বাস দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে ।