ডিব্ৰুগড়, ১নৱেম্বৰ:দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত গামোচাৰ প্ৰসংগ(Gamocha Issue in DAC election) ৷ ক্ৰমাৎ তুংগত উঠিছে দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ । সেয়ে এইবাৰ ভোটাৰৰ মন জয় কৰিবলৈ নিৰ্বাচনী প্ৰচাৰত উত্থাপিত হ'ল গামোচাৰ প্ৰসংগ । দেউৰী গামোচাৰ প্ৰশংসাত পঞ্চমুখ হ'ল মন্ত্ৰী বিমল বৰা ।
৪ নং ডিব্ৰুগড় পৰিষদীয় সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰক্ষেপিত প্ৰাৰ্থী ভাস্কৰ দেউৰীৰ হৈ টিংখাঙৰ কলৌলোৱাত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ(BJP State president Bhobesh Kalita) সৈতে অংশগ্ৰহণ কৰি মন্ত্ৰী বিমল বৰাই দেউৰী গামোচাখনক লৈ নষ্টালজিক হৈ পৰে । নিৰ্বাচনী সভাখনত দেউৰী সমাজৰ গামোচাখনক প্ৰশংসা কৰি মন্ত্ৰী বৰাই কয় যে, দেউৰীৰ এই গামোচাখনত নিহিত হৈ আছে নিভাঁজ সৰলতা আৰু ইয়ে সমাজখনৰ সুন্দৰ মনটোক প্ৰতিনিধিত্ব কৰে । নিজৰ সমষ্টিৰ সহজ-সৰল ভোটাৰ ৰাইজৰ মন জয় কৰিবলৈ গামোচাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিলেও কিন্তু মন্ত্ৰীগৰাকীয়ে দেউৰী জনগোষ্ঠীটোৰ উন্নয়নৰ বাবে কি কাৰ্যপন্থা গ্ৰহণ কৰিছে অথবা অনাগত সময়ত গ্ৰহণ কৰিব সেই সন্দৰ্ভত টু শব্দ এটাও উল্লেখ কৰা শুনিবলৈ পোৱা নগ'ল ।