অসম

assam

ETV Bharat / state

জ্যেষ্ঠ সাংবাদিক অনন্ত কৃষ্ণ মহন্তৰ ফ্ৰয়েডৰ ওলোটা দৰ্শন গ্ৰন্থ উন্মোচন

সাংবাদিক অনন্ত কৃষ্ণ মহন্তৰ 'ফ্ৰয়েডৰ ওলোটা দৰ্শন' নামৰ গ্ৰন্থ উন্মোচন ৷ বহুকেইটা বাস্তৱ ঘটনা-পৰিঘটনাৰ আধাৰত ৰচনা কৰি উলিওৱা হৈছে গ্ৰন্থখন ৷

By

Published : Oct 3, 2020, 8:22 PM IST

Ananta Krishna Mahanta's  Book inauguration at Moran
জ্যেষ্ঠ সাংবাদিক অনন্ত কৃষ্ণ মহন্তৰ ফ্ৰয়েডৰ ওলোটা দৰ্শন গ্ৰন্থ উন্মোচন

মৰাণ, 3 অক্টোবৰ : নব্বৈ দশকৰ আৰম্ভণিতে 'জনক্ৰান্তি' কাকতৰ যোগেদি সাংবাদিকতাৰ পাতনি মেলা অনন্ত কৃষ্ণ মহন্তৰ 'ফ্ৰয়েডৰ ওলোটা দৰ্শন'নামৰ গ্ৰন্থখন শনিবাৰে উন্মোচন কৰা হয় ৷ বহুকেইটা বাস্তৱ ঘটনা-পৰিঘটনাৰ আধাৰত ৰচনা কৰি উলিওৱা হৈছে গ্ৰন্থখন ৷

জ্যেষ্ঠ সাংবাদিক অনন্ত কৃষ্ণ মহন্তৰ ফ্ৰয়েডৰ ওলোটা দৰ্শন গ্ৰন্থ উন্মোচন

উল্লেখ্য যে, অনন্ত কৃষ্ণ মহন্ত সাপ্তাহিক জন্মভূমি পূৰ্বাঞ্চল, অসমীয়া প্ৰতিদিন মাহমৰা, নতুন দৈনিক (দিৰৈ ৰাঙলী), আজিৰ অসম (দিৰৈ ৰাঙলী), এদিনৰ সংবাদ (দিৰৈ ৰাঙলী)আদি বিভিন্ন কাকতত সেৱা আগবঢ়াই অহা মহন্ত দেৱে অসম সাহিত্য সভাৰ আজীৱন সদস্যৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল ৷ ইতিমধ্যে, তেওঁ বহুকেইখন গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে ।

জ্যেষ্ঠ সাংবাদিক অনন্ত কৃষ্ণ মহন্তৰ ফ্ৰয়েডৰ ওলোটা দৰ্শন গ্ৰন্থ উন্মোচন

শনিবাৰে উন্মোচন কৰা ফ্ৰয়েডৰ ওলোটা দৰ্শন নামৰ গ্ৰন্থখন পাঠক শ্ৰেণীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হব বুলি তেওঁ আশাবাদী ৷ অনন্ত কৃষ্ণ মহন্ত এগৰাকী সাংবাদিক হোৱাৰ লগতেও মূলা গাভৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপেও সমাজত অৱদান আগবঢ়াবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক :বিশ্বৰ দীঘলীয়া ৰাষ্ট্ৰীয় ঘাইপথ সুৰংগটো মুকলিৰ দিশে ভাৰত

ABOUT THE AUTHOR

...view details