অসম

assam

ETV Bharat / state

Scam in SC certificate: অনুসূচীত জাতিৰ প্ৰমাণ পত্ৰৰ নামত জালিয়াতিৰ অভিযোগ

অনুসূচীত জাতিৰ প্ৰমাণ পত্ৰ লৈ বিভিন্ন সুবিধা আদায় কৰি অহাক কেন্দ্ৰ কৰি সৰৱ হৈ পৰিছে অনুসুচিত জাতি সংগ্ৰামী যুৱ মঞ্চ ৷ অনুসূচীত জাতিৰ উন্নয়ন বিভাগটো মন্ত্ৰী পীয়ুষ হাজৰীকাৰ পৰা কৰ্তনৰ দাবী ৷

By

Published : Jul 29, 2023, 2:11 PM IST

Scam in SC certificate
অনুসূচীত জাতিৰ প্ৰমাণ পত্ৰৰ নামত জালিয়াতিৰ অভিযোগ

অনুসূচীত জাতিৰ প্ৰমাণ পত্ৰৰ নামত জালিয়াতিৰ অভিযোগ

ডিব্ৰুগড়, 29 জুলাই : ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুসূচীত জাতিৰ প্ৰমাণ পত্ৰৰ নামত জালিয়াতি চলি থকাৰ অভিযোগ উত্থাপনৰ সময়ত এইবাৰ ডিব্ৰুগড়ত অনুৰূপ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । অভিযোগ অনুসৰি ডিব্ৰুগড়ৰ বগীবিলৰ 50 ৰো অধিক বিহাৰী সম্প্ৰদায়ৰ বিন উপাধিৰ লোকে অনুসূচীত জাতিৰ প্ৰমাণ পত্ৰ লাভ কৰাৰ অভিযোগ উত্থাপিত হৈছে । এই বিহাৰী সম্প্ৰদায়ৰ বিন উপাধিৰ লোকসকল কোনো কাৰণতে অনুসূচীত জাতিৰ লোক নহয় বুলি অভিযোগ উত্থাপন কৰিছে অনুসূচিত জাতি সংগ্ৰামী যুৱ মঞ্চই ৷ ইয়াৰ উপৰিও ডিব্ৰুগড় জিলাৰ বিভিন্ন স্থানত জালিয়াতিৰে অনুসূচীত জাতিৰ প্ৰমাণ পত্ৰ লৈ বহু লোকে বিভিন্ন স্থানত কৰ্মৰত হৈ হাজাৰ হাজাৰ টকা মাহিলী দৰমহা লাভ কৰি অহাৰো অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে ৷

ইয়াৰোপৰি, চৰকাৰীভাৱে প্ৰস্তুত কৰা দৰিদ্ৰ সীমাৰেখাৰ তলৰ অনুসূচীত জাতিৰ পৰিয়ালৰ নামত অহা বহু আঁচনিৰ সুবিধা আদায় কৰি আহিছে বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে । ইতিমধ্যে এই সন্দৰ্ভত CID য়ে তদন্ত কৰি চৰকাৰৰ সামাজিক ন‍্যায় সবলীকৰণ বিভাগত প্ৰতিবেদন দাখিল কৰাৰ তিনি মাহতকৈ অধিক সময় অতিক্ৰম কৰাৰ পাছতো এতিয়ালৈকে চৰকাৰে এইক্ষেত্ৰত বিহিত ব‍্যৱস্থা লোৱা নাই বুলি কয় অনুসূচিত জাতি সংগ্ৰামী যুৱ মঞ্চই । এই সন্দৰ্ভত চৰকাৰে তদন্তৰ ব্যৱস্থা কৰি আইনগত ব‍্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ সভাপতি সঞ্জীৱ দাসে ।

অন‍্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ‍্য হোৱাৰ কথাও সংবাদ মাধ্যমৰ আগত সদৰি কৰে দাসে । অনুসূচীত জাতিৰ উন্নয়ন বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰীকাৰ অধীনত আছে যদিও মন্ত্ৰীজনে এই বিভাগটো পৰিচালনা কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰিছে অনুসুচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ সভাপতি সঞ্জীৱ দাসে । বিভাগটো মন্ত্ৰী পীয়ুষ হাজৰীকাৰ পৰা কৰ্তন কৰি অন্য যোগ্য এজনক দিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায় সংগঠনটোৱে ।

লগতে পঢ়ক :Buldhana Bus accident : বুলধানাত তীৰ্থযাত্ৰীৰ বাছ দুৰ্ঘটনাত থিতাতে মৃত্যু 6; গুৰুতৰভাৱে আহত 25

For All Latest Updates

ABOUT THE AUTHOR

...view details