ডিব্ৰুগড়, 30 ডিচেম্বৰ:চাহ মজদুৰ সকলৰ নূন্যতম ভাট্টা প্ৰদান ক্ষেত্ৰত বৰ্তমানৰ বিজেপি চৰকাৰখনে আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ চাহ মজদুৰ সকলৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধ কৰা দিশত চৰকাৰে কোনো গুৰুত্ব নিদিয়া লগতে চাহ মজদুৰ সকলৰ বছৰেকীয়া ভাট্টা প্ৰদান কৰাৰ ক্ষেত্ৰটো কোনো গুৰুত্ব প্ৰদান কৰা নাই ৷ ডিব্ৰুগড়ত এক সংবাদমেল সম্বোধন কৰি এই মন্তব্য প্ৰকাশ কৰে অসম চাহ মজদুৰ সংঘ সভাপতিৰ পৱন সিং ঘাটোৱাৰে ৷
সংবামেলত তেওঁ কয়,বৰ্তমানৰ ৰাজ্য চৰকাৰখনে আভুৱা ভৰা কথাৰে চাহ মজদুৰ সকলৰ লগত অন্যায় কৰি বছৰি হাজাৰ হাজাৰ কোটি টকা আত্মসাৎ কৰি আহিছে ৷ নিৰ্বাচনৰ সময়ত যিধৰণে অসম চাহ মজদুৰ সকলৰ ন্যূনতম প্ৰয়োজনীয়তাখিনি পূৰণৰ আশ্বাস প্ৰদান কৰে যদিও শাসন কালত সেই আশ্বাস কাৰ্যত প্ৰতিফলিত নহয় বুলি ক্ষোভ প্ৰকাশ কৰিছে ঘাটোৱাৰে ৷