অসম

assam

ETV Bharat / state

ব্ৰহ্মপুত্ৰৰ চাপৰিত কৃষিৰ বিপ্লৱৰ সূচনা আছুৰ

ডিব্ৰুগড়ৰ মাইজানত বছৰ বছৰ ধৰি চন পৰি ৰোৱা ব্ৰহ্মপুত্ৰৰ চৰ-চাপৰিৰ পাঁচশ বিঘা ভূমিত কৃষি বিপ্লৱৰ সূচনা সদৌ অসম ছাত্ৰ সন্থা(Agricultural Revolution by AASU)ৰ ৷ পাঁচশ বিঘা মাটিত সৰিয়হ, গোমধানৰ লগতে বিভিন্ন শাক-পাচলিৰ খেতিৰে কৃষি বিপ্লৱ আৰম্ভ ছাত্ৰ সংগঠনটোৰ ৷ এই বীজ সিঁচা পৰ্বৰ শুভাৰম্ভণি কৰে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা(AASU General Secrtary Sankor Jyoti Baruah)ই ৷

By

Published : Nov 25, 2021, 9:48 PM IST

aasu-starts-agricultural-revolution-in-dibrugarh
ব্ৰহ্মপুত্ৰৰ চাপৰিত কৃষিৰ বিপ্লৱৰ সূচনা আছুৰ

মৰাণ, 25 নৱেম্বৰ : ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ চাপৰিত কৃষি বিপ্লৱৰ সূচনা কৰিছে সদৌ অসম ছাত্ৰ সন্থা(Agricultural Revolution by AASU)ই ৷ জিলাখনত আছুৰ উদ্যোগত কৃষি বিপ্লৱৰ এয়া পঞ্চমটো কাৰ্যসূচী ৷ ব্ৰহ্মপুত্ৰ চাপৰিৰ পাঁচশ বিঘা মাটিত সৰিয়হ, গোমধানৰ লগতে বিভিন্ন শাক-পাচলিৰ খেতিৰে আছুৱে আৰম্ভ কৰিছে কৃষি বিপ্লৱ ৷

বুধবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা(AASU General Secrtary Sankor Jyoti Baruah)ই মাইজানত বছৰ বছৰ ধৰি চন পৰি ৰোৱা ব্ৰহ্মপুত্ৰৰ চৰ-চাপৰিৰ পাঁচশ বিঘা ভূমিত বীজ সিঁচা পৰ্বৰ শুভাৰম্ভণি কৰে । ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক খগেন দত্তৰ নেতৃত্বত প্ৰায় 20 জনীয়া আছু কৰ্মীয়ে ৰোপণ কৰে সৰিয়হ, গোমধানৰ উপৰিও বিভিন্ন শাক-পাচলিৰ বীজ ।

ব্ৰহ্মপুত্ৰৰ চাপৰিত কৃষিৰ বিপ্লৱৰ সূচনা আছুৰ

ৰাজপথৰ আন্দোলনৰ সমান্তৰালকৈ আছু কৰ্মী(AASU Leaders)সকলে কৃষি বিপ্লৱৰ জৰিয়তে স্বাৱলম্বী হ’বলৈ এনেধৰণৰ কাৰ্যসূচী হাতত লোৱা বুলি সংবাদ মাধ্যমযোগে সদৰী কৰে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই । ইফালে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক খগেন দত্তই কয় যে, এনেধৰণৰ সেউজ বিপ্লৱৰ জৰিয়তে নতুন প্ৰজন্মই নিজৰ স্বাৱলম্বিতাৰ বাট মুকলি কৰিব পাৰিব ৷ ইয়াৰ লগে লগে ৰাজ্যখনৰ অৰ্থনৈতিক বুনিয়াদ শক্তিশালী হৈ উঠাৰ আশা ব্যক্ত কৰে সহকাৰী সাধাৰণ সম্পাদকগৰাকীয়ে ৷

লগতে পঢ়ক :Assam Lok Sabha MPs in Parliament : কোন কিমান সক্ৰিয়, কোন নিমাতী কইনা ?

ABOUT THE AUTHOR

...view details