অসম

assam

ETV Bharat / state

ডিব্ৰুগড় খোৱাঙত আছুৰ বাইক ৰেলী

আছুৰ খোৱাং আঞ্চলিকৰ উদ্যোগত শনিবাৰে পুৱা ১১ বজাত খোৱাং চাৰিআলিৰ পৰা উলিওৱা বাইক ৰেলীত খোৱাং শেনচোৱা পুখুৰী,শিলপুটা আদি বিভিন্ন গাঁৱৰ মাজেৰে গৈ খোৱাং ঘাটত সামৰণি পৰে

ডিব্ৰুগড়
ডিব্ৰুগড় খোৱাঙত আছুৰ বাইক ৰেলী

By

Published : Nov 30, 2019, 7:54 PM IST

ডিব্ৰুগড়, 30 নৱেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ডিব্ৰুগড় খোৱাঙত আছুকে ধৰি ৩০ জনগোষ্ঠীয় সংগঠনৰ বাইক ৰেলী ৷ আছুৰ খোৱাং আঞ্চলিকৰ উদ্যোগত শনিবাৰে পুৱা ১১ বজাত খোৱাং চাৰিআলিৰ পৰা উলিওৱা বাইক ৰেলীত খোৱাং শেনচোৱা পুখুৰী,শিলপুটা আদি বিভিন্ন গাঁৱৰ মাজেৰে গৈ খোৱাং ঘাটত সামৰণি পৰে। শতাধিক আছু আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰা এই বাইক ৰেলীত আছু ডিব্ৰুগড় জিলাৰ সভাপতি বুলবুল দত্তই সাংবাদিকৰ আগত কয়, বিজেপি চৰকাৰখনে ধৰ্মৰ নামত ৰাজনীতি কৰিব বিচাৰিছে ।

ডিব্ৰুগড় খোৱাঙত আছুৰ বাইক ৰেলী

১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অহা কোনো বিদেশী লোককে অসমত স্থান দিয়া নহ'ব বুলি মন্তব্য কৰে। লগতে ছাত্ৰ নেতা গৰাকীয়ে কয়,একালত আছুৰ মজিয়াত থাকি জাতীয়তাবাদৰ কথা কোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গাত এতিয়া জাতীয়তাবাদৰ তেজ নাই। কেন্দ্ৰীয় মন্ত্ৰীৰ নেতৃত্বত উঠা বহা কৰা মুখ্যমন্ত্ৰী সোণোৱালক নিজৰ স্থিতি স্পষ্ট কৰিবলৈ দাবী জনায় আছু নেতা গৰাকীয়ে।

লগতে চাওকঃৰাজ্যজুৰি অব্যাহত হাতী-মানুহৰ সংঘাত: টীয়কত এজনৰ মৃত্যু

ABOUT THE AUTHOR

...view details