অসম

assam

By

Published : Nov 20, 2020, 6:29 PM IST

ETV Bharat / state

চাইকেলেৰে বিশ্বনাথৰ পৰা ডিব্ৰুগড়ত উপস্থিত সাংবাদিক স্নেহাংকৰ চক্ৰৱৰ্তী

সাংবাদিকৰ নিৰাপত্তাৰ দাবীত বিশ্বনাথৰ পৰা শদিয়ালৈ চাইকেলেৰে যাত্ৰা সাংবাদিক স্নেহাংকৰ চক্ৰৱৰ্তীৰ। সাংবাদিক নিগ্ৰহৰ বিৰুদ্ধে ব্যতিক্ৰমী প্ৰতিবাদ। ডিব্ৰুগড়ত সাংবাদিকগৰাকীক সম্বৰ্ধনা জনালে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবে।

ডিব্ৰুগড়ত উপস্থিত সাংবাদিক স্নেহাংকৰ চক্ৰৱৰ্তী
ডিব্ৰুগড়ত উপস্থিত সাংবাদিক স্নেহাংকৰ চক্ৰৱৰ্তী

মৰাণ, ২০ নৱেম্বৰ: ৰাজ্যত এজনৰ পাছত আনজন সাংবাদিক আক্ৰমণৰ বলি হ'বলগীয়া হৈছে। সাংবাদিকৰ সুৰক্ষাৰ দাবীত বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে সাংবাদিকৰ লগতে বিভিন্ন দল-সংগঠনে। এইবাৰে সাংবাদিক নিগ্ৰহৰ বিৰোধিতাৰে চাইকেল চলাই বিশ্বনাথৰ পৰা শদিয়ালৈ যাত্ৰা কৰি অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিলে বিশ্বনাথৰ সাংবাদিক স্নেহাংকৰ চক্ৰৱৰ্তীয়ে। বৃহস্পতিবাৰে ডিব্ৰুগড়ত উপস্থিত হয় সাংবাদিকগৰাকী।

ডিব্ৰুগড়ত উপস্থিত সাংবাদিক স্নেহাংকৰ চক্ৰৱৰ্তী

সাংবাদিকৰ সুৰক্ষাৰ দাবী জনাই স্নেহাংকৰ চক্ৰৱৰ্তীয়ে আৰম্ভ কৰা এই যাত্ৰাত উদগনি যোগাবলৈ বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ তৰফৰ পৰা তেওঁক সম্বৰ্ধনা জনোৱা হয়। ক্লাবৰ হৈ সহকাৰী সম্পাদক প্ৰদীপ গগৈ আৰু কাৰ্যালয় সম্পাদক সন্তোষ যাদৱে সম্বৰ্ধনা জ্ঞাপন কৰে।

ডিব্ৰুগড় আৱৰ্ত ভৱনত বৃহস্পতিবাৰে নিশা কটোৱাৰ পাছত সাংবাদিকগৰাকীয়ে শুক্ৰবাৰে পুনৰ যাত্ৰা আৰম্ভ কৰে। শেহতীয়াকৈ কাকপথাৰৰ জ্যেষ্ঠ সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুক এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ তুলি ৰাজ্যৰ ভিন্ন প্ৰান্তত ন্যায়ৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে।


লগতে পঢ়ক:হোজাইৰ তিনি বিধানসভা সমষ্টিত এআইইউডিএফৰ ধাৰাবাহিক নিৰ্বাচনী ৰণডংকা

ABOUT THE AUTHOR

...view details