অসম

assam

By

Published : Mar 18, 2020, 10:47 PM IST

ETV Bharat / state

পৰ্বতঝৰাত 10 গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল

১ নং পৰ্বতঝোৰা সমষ্টিত আজি বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দল আৰু নিৰ্দলীয় প্ৰাৰ্থীসহ মনোনয়ন দাখিল কৰে দহ গৰাকী প্ৰাৰ্থীয়ে ৷

10 গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল
10 গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল

পৰ্বতঝোৰা, 18 মাৰ্চঃবিটিচি পৰিষদীয় নিৰ্বাচনৰ ১ নং পৰ্বতঝোৰা সমষ্টিত আজি বিভিন্ন ৰাজনৈতিক দল আৰু নিৰ্দলীয় প্ৰাৰ্থীসহ দহ জন লোকৰ মনোনয়ন দাখিল ৷ শতাধিক দলীয় কৰ্মী সমৰ্থকক লৈ আজি ইউপিপিএল দলৰ মনোনীত প্ৰাৰ্থী উত্তম কুমাৰ হাজোৱাৰীয়ে মহকুমাধিপতি তথা ৰিৰ্টাণিং বিষয়া হেমন্ত প্ৰসাদ ৰাজকুমাৰৰ ওচৰত দাখিল কৰে মনোনয়ন পত্ৰ ৷ ইয়াৰোপৰি ১ নং পৰ্বতঝোৰা অনুসুচীত জনজাতি সংৰক্ষণ সমষ্টিত গণ সুৰক্ষা ঐক্য মঞ্চৰ দলৰ প্ৰাৰ্থী সোহেন এ ছাংমাৰ লগতে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰাক্তন এনডিএফবি কেডাৰ জগদীশ ব্ৰহ্মৰ ওপৰিও নিভাৰানী ব্ৰহ্মআৰু হেমেন ব্ৰহ্মসহ মুঠ দহ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে ৷

পৰ্বতঝৰাত 10 গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল

ABOUT THE AUTHOR

...view details