অসম

assam

By

Published : Jul 8, 2019, 7:22 PM IST

ETV Bharat / state

গোলকগঞ্জত হত্যাৰ বলি দুই সন্তানৰ মাতৃ

ফজলীমা বিবি নামৰ দুই সন্তানৰ মাতৃক দেওৰেকৰ সৈতে মিলি ডিঙি ৰেপি হত্যা কৰে স্বামী আনোৱাৰ হুছেইনে ৷

গোলকগঞ্জত হত্যাৰ বলি দুই সন্তানৰ মাতৃ

গোলকগঞ্জ, 8 জুলাইঃগোলকগঞ্জৰ বিদ্যাৰডাৱৰী গাঁৱত সংঘটিত হৈছে বোৱাৰীক লোমহৰ্ষক হত্যাকাণ্ড | ফজলীমা বিবি নামৰ এগৰাকী দুই সন্তানৰ মাতৃক নিজ দেওৰেকৰ লগতে স্বামীয়ে মিলি ছুৰীৰে ডিঙি ৰেপি হত্যা কৰে |

গোলকগঞ্জত হত্যাৰ বলি দুই সন্তানৰ মাতৃ

সাত বছৰ পূৰ্বেই বিবাহপাশত আৱদ্ধ হোৱা ফজলীমাৰ হত্যাৰ গোচৰত সাঙোৰ খাই পৰিছে স্বামী আনোৱাৰ হুছেইনৰ লগতে তেওঁৰ দুই ভাতৃৰ নাম ৷ বিয়াৰ পিচৰে পৰাই চলি অহা অকথ্য নিৰ্যাতন সহিব নোৱাৰি ছাগলীয়া থানাত এক গোচৰ ৰুজু কৰিছিল ফজলীমাই ৷ পৰৱৰ্তী সময়ত শনিবাৰে গোচৰটো উঠাই ল'বলৈ দাবী জনায় আনোৱাৰে ৷ কিন্তু গোচৰ উঠাই ল'বলৈ অমান্তি হোৱাত দুই ভাতৃৰে মিলি আনোৱাৰে ডিঙি ৰেপি হত্যা কৰে ফজলীমাক ৷ আনহাতে ঘটনা সংঘটিত কৰিয়ে তিনিও পলায়ন কৰে যদিও সোমবাৰে দুপৰীয়া ধুবুৰী আৰক্ষী অধীক্ষকৰ ওচৰত আত্মসমৰ্পণ কৰে হত্যাকাৰী স্বামী আনোৱাৰ হুছেইনে ৷

ABOUT THE AUTHOR

...view details