বিলাসীপাৰা, 1 মাৰ্চঃ বিলাসীপাৰাত দেওবাৰে শালকোচা আঞ্চলিক বন বিষয়া-কৰ্মীৰ দলৰ ওপৰত দুষ্কৃতিকাৰীয়ে আক্ৰমণ ৷ অনিৰুদ্ধ পাঠকৰ নেতৃত্বত বন কৰ্মীৰ দল এটাই কাঠালদি তৃতীয় খণ্ড গাঁৱত অবৈধ বালি আৰু মাটি খননৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈয়ে আক্ৰমণৰ সন্মুখীন হয় ৷
উল্লেখ্য যে, গাঁওখনত অবৈধভাৱে বালি আৰু মাটি খনন কাৰ্য চলি থকা বুলি কোনো লোকে ফোনযোগে অৱগত কৰিছিল বন বিষয়া গৰাকীক ৷ ইয়াৰ ভিত্তিতেই বন বিষয়া কৰ্মীৰ দলটোৱে পুৱাৰ ভাগত গাঁৱখনত গৈ উপস্থিতি হয় ৷ কিন্তু দলটোৰ উপস্থিতিৰ উমান পাই হাতে হাতে লাঠি জং লৈ বন বিষয়া কৰ্মীক দুষ্কৃতিকাৰী দল এটাই আক্ৰমণ কৰিবলৈ খেদি খেদি যায় ৷ পিচত প্ৰাণৰ সংশয়ত স্থানীয় এঘৰত আশ্ৰয় লয় বন বিষয়া কৰ্মীৰ দলটোৱে ৷