পশ্চিম বিলাসীপাৰা, ২৫ ফেব্ৰুৱাৰী: বিধানসভা নিৰ্বাচনৰ আগমুহূৰ্তত বিলাসীপাৰাতো দল বাগৰা ৰাজনীতিৰ জোৱাৰ উঠিছে । বুধবাৰে ৰাইজৰ দলৰ সদস্যপদ গ্ৰহণ কৰিলে ২৬ নং পশ্চিম বিলাসীপাৰা বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক আলী আকবৰ মিঞাই । সমষ্টিটোৰ বাবুৰহাট খেলপথাৰত ৰাইজৰ দলৰ বিশাল গণ সমাৱেশ অনুষ্ঠিত হয় । এই অনুষ্ঠানতে দলে-বলে ৰাইজৰ দলত যোগদান কৰে প্ৰাক্তন কংগ্ৰেছী নেতাগৰাকীয়ে ।
ৰাইজৰ দলৰ ধুবুৰী জিলা সমিতিৰ সভাপতি জগন্নাথ ভকতৰ সভাপতিত্বত আয়োজিত গণ সমাৱেশত উপস্থিত থাকে দলৰ কেন্দ্ৰীয় উপ-সভাপতিদ্বয় ক্ৰমে দিলীপ বৰা আৰু ৰাছেল ইছলামৰ লগতে দলৰ কেইবাগৰাকীও কেন্দ্ৰীয় আৰু জিলা পৰ্যায়ৰ বিষয়ববীয়া ।