চৰকাৰ সলনি হ'লেও, সলনি নহয় পথৰ দুৰৱস্থা ...
পথৰ দূৰৱস্থাই জ্বলাকলা খুৱাইছে নয়াহাটৰ ৰাইজক ৷ যমৰ-যাতনা ভোগ কৰি যাতায়ত পথচাৰীৰ ৷
বিলাসীপাৰা, 20 মে' : বিলাসীপাৰাৰ এটা সদাব্যস্ত গড়কাপ্তানি পথ | বিলাসীপাৰাৰ নয়াহাটৰ নয়াহাট-সাপটগ্ৰাম সংযোগী এই পথচোৱাৰ দুৰৱস্থাই জ্বলাকলা খুৱাইছে বৃহত্তৰ অঞ্চলবাসীক | পথচোৱাত সৃষ্টি হৈছে পুখুৰীসদৃশ গাঁতৰ ৷ ফলত বিধ্বস্ত পথচোৱাৰ মাজেৰে যমৰ-যাতনা ভোগ কৰি অহা-যোৱা কৰিবলগীয়া হৈছে পথচাৰী ৷ যদিও পথচোৱা নিৰ্মাণৰ প্ৰতি কোনো কাণসাৰ নাই চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ ৷ চৰকাৰৰ অবহেলাত উপায়ন্তৰ হৈ স্বেচ্ছাসেৱী সংস্থা সচেতন যুৱ মঞ্চৰ উদ্যোগত ৰাইজে গাঠিৰ ধন ভাঙি শিল বালি পেলাই মেৰামতি কৰিলে পথচোৱা ৷ ৰাইজৰ দাবী, অতিশীঘ্ৰে পথচোৱা নিৰ্মাণ কৰি যাতায়তৰ বাবে সুচল কৰি তোলক পথচোৱা ৷