অসম

assam

By

Published : Sep 20, 2020, 6:23 PM IST

ETV Bharat / state

অবৈধ কাঠ ব্যাৱসায়ীৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীৰ অভিযান

ধুবুৰী জিলা উপ আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাৰ নেতৃত্বত আৰক্ষীৰ দলটোৱে জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ মূল্যবান কাঠ ৷ আৰক্ষীৰ দলটোৱে অসম-বংগ সীমান্তৱৰ্তী ছোটগুমা আৰক্ষী চকীৰ অন্তৰ্গত ছটগুমা গাঁৱৰ হাতেম আলী নামৰ লোকজনৰ বাসগৃহৰ পৰা জব্দ কৰে অবৈধ ভাৱে মজুত ৰখা বৃহৎ পৰিমাণৰ কাঠখিনি ৷

Police raid Dhuburi against illegal timber traders
অবৈধ কাঠ ব্যাৱসায়ীৰ বিৰুদ্ধে ধুবুৰীত আৰক্ষীৰ অভিযান

ধুবুৰী,20 ছেপ্তেম্বৰঃ অবৈধ কাঠ ব্যাৱসায়ীৰ বিৰুদ্ধে দেওবাৰে অভিযান চলায় ধুবুৰী আৰক্ষীয়ে ৷ ধুবুৰী জিলা উপ আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাৰ নেতৃত্বত আৰক্ষীৰ দলটোৱে জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ মূল্যবান কাঠ ৷ আৰক্ষীৰ দলটোৱে অসম-বংগ সীমান্তৱৰ্তী ছোটগুমা আৰক্ষী চকীৰ অন্তৰ্গত ছটগুমা গাঁৱৰ হাতেম আলী নামৰ লোকজনৰ বাসগৃহৰ পৰা জব্দ কৰে অবৈধ ভাৱে মজুত ৰখা বৃহৎ পৰিমাণৰ কাঠখিনি ৷

অবৈধ কাঠ ব্যাৱসায়ীৰ বিৰুদ্ধে ধুবুৰীত আৰক্ষীৰ অভিযান

ইপিনে, জব্দকৃত কাঠখিনিৰ বজাৰ মূল্য প্ৰায় 10লক্ষাধিক টকা বুলি জানিবলৈ দিছে আৰক্ষীয়ে ৷ অভিযানত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় হাতেম আলী নামৰ লোকজনক ৷ বৰ্তমান হাতেম আলীক গোলকগঞ্জ থানাত সোধা-পোচা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ উল্লেখযোগ্য যে, চোৰাং কাঠৰ ছিণ্ডিকেট চক্ৰই ধুবুৰী বন বিভাগৰ সৈতি মিলি বনজ সম্পদৰ চোৰাং বেহা চলাই থকাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়কঃমুখ্যমন্ত্ৰীসকলৰ সৈতে ক’ভিড সন্দৰ্ভত বৈঠকত মিলিত হ'ব প্ৰধানমন্ত্ৰী

ABOUT THE AUTHOR

...view details