অসম

assam

ETV Bharat / state

বিলাসীপাৰাত গাঁঠিৰ ধন ভাঙি ৰাইজে নিৰ্মাণ কৰিলে বাঁহৰ সাঁকো

ধুবুৰীৰ বিলাসীপাৰাত আৰক্ষী বিষয়াৰ সহযোগত গাঁঠিৰ ধন ভাঙি ৰাইজে নিৰ্মাণ কৰিলে বাঁহৰ সাকো ৷ ৰাইজৰ দাবী উন্নয়নৰ ক্ষেত্ৰত সঘনে দম্ভালি মাৰি থকা হিমন্ত বিশ্ব শৰ্মাৰ গড়কাপ্তানী বিভাগে অঞ্চলটোত নিৰ্মাণ কৰক এখন পকী দলং ৷

বিলাসীপাৰাত গাঠিৰ ধন ভাঙি ৰাইজে নিৰ্মাণ কৰিলে বাঁহৰ সাকো

By

Published : Nov 2, 2019, 7:16 PM IST

বিলাসীপাৰা, 2 নৱেম্বৰঃধুবুৰীৰ বিলাসীপাৰাত গড়কাপ্তানী বিভাগলৈ ভ্ৰূক্ষেপ নকৰি ৰাইজক সাময়িক সকাহ দিয়াৰ উদ্দেশ্যে আগবাঢ়ি আহিছে এজন আৰক্ষী বিষয়া ৷ নিজৰ গাঁঠিৰ ধন আৰু ৰাইজৰ সহযোগত লক্ষীগঞ্জৰ পৰা শালকোচা পথত থকা গৌৰাং নৈৰ ওপৰত নিৰ্মাণ কৰি উলিয়ালে বাঁহৰ সাঁকো ৷ লক্ষীগঞ্জ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দ্ৰ ভুষণ সিঙৰ এনে কাৰ্যত সাময়িকভাৱে সকাহ পাইছে অঞ্চলটোৰ বৃহত্তৰ ৰাইজে ৷

বিলাসীপাৰাত গাঠিৰ ধন ভাঙি ৰাইজে নিৰ্মাণ কৰিলে বাঁহৰ সাকো

ইপিনে, বাঁহৰ দলং খনৰ অভাৱত বিগত দীৰ্ঘদিন ধৰি যমৰ যন্ত্ৰণা ভুগি আহিছিল অঞ্চলটোৰ ৰাইজে ৷ যাতায়তৰ ক্ষেত্ৰত বিশেষভাৱে সমস্যাৰ সন্মুখীন হৈছিল স্কুলীয়া ছাত্ৰ-ছাত্ৰী সকল ৷ আৰক্ষী বিষয়াগৰাকীৰ এনে কাৰ্যক প্ৰশংসা কৰিছে স্থানীয় ৰাইজৰ ৷ ৰাইজৰ দাবী উন্নয়নৰ ক্ষেত্ৰত সঘনে দম্ভালি মাৰি থকা হিমন্ত বিশ্ব শৰ্মাৰ গড়কাপ্তানী বিভাগে অঞ্চলটোত নিৰ্মাণ কৰক এখন পকী দলং ৷

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details