ধুবুৰী, 15 এপ্ৰিলঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাত পৃথক পৃথকে আৰক্ষী আৰু চৰকাৰী কৰ্মচাৰীয়ে সাহাৰ্য প্ৰদান কৰে। ৰঙালী বিহু আৰু লক ডাউনৰ প্ৰতি লক্ষ্য ৰাখি দুখীয়া দৰিদ্ৰ সকলৰ মাজত এই খাদ্য সামগ্ৰী বিতৰণ কৰে ৷
সমগ্ৰ দেশ তথা ৰাজ্যত ২১ দিনীয়া লক ডাউনৰ পিছত আৰম্ভ হৈছে ৩ মে লৈকে দ্বিতীয় পৰ্যায়ৰ লক ডাউন। ইয়াৰ মাজতে পদূলি পালে হেঁপাহৰ ৰঙালী বিহুটি। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি দক্ষিণ শালমাৰা মানকাচাৰ জিলাৰ সুখচৰ আৰক্ষী থানাৰ অধীনস্থ প্ৰায় এশ দুখীয়া পৰিয়ালক চাউল,দালি,নিমখ,বিস্কুট, তেল,চাবোনকে আদি কৰি বিভিন্ন ধৰণৰ লাগতিয়াল খাদ্য সামগ্ৰী বিতৰণ কৰে সুখচৰ আৰক্ষীয়ে ৷ সুখচৰ থানাৰ আৰক্ষী বিষয়া ৰফিকুল ইছলামে কয় যে, চৰকাৰে আহ্বান জনোৱা লক ডাউন সঠিক ভাৱে মানি চলিছে অঞ্চলটোৰ ৰাইজে । ৰাইজৰ এই সহযোগিতাৰ বাবে সকলো ৰাইজক ধন্যবাদ দিয়াৰ লগতে আগন্তুক দিন কেইটাতো লক ডাউন মানি চলিবলৈ আহ্বান জনায় আৰক্ষীয়ে।