অসম

assam

By

Published : Feb 28, 2019, 9:44 PM IST

ETV Bharat / state

ধুবুৰীত মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনাৰ মুকলি

বিৰোধীয়ে কোৱাৰ দৰে এয়া কোনো নিৰ্বাচন মুখী আঁচনি নহয় বুলিও স্পষ্ট কৰি দিয়ে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী নব কুমাৰ দলে

ধুবুৰীত মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনা আঁচনিৰ শুভ উদ্বোধন

ধুবুৰী,২৮ ফেব্ৰুৱাৰীঃ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনা আঁচনি শুভ উদ্বোধন কৰাৰ বাবে বৃহস্পতিবাৰে ধুবুৰীত উপস্থিত হয় পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী নব কুমাৰ দলে।

ধুবুৰীত মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনা আঁচনিৰ শুভ উদ্বোধন
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত অনুষ্ঠিত এখন সভাত মুখ্য অতিথি হিচাপে অংশ লৈ উক্ত আঁচনিৰ শুভ উদ্বোধন কৰি ধুবুৰীলৈ আহে মন্ত্ৰী গৰাকী। ধুবুৰী জিলাৰ মুঠ ১৭ হাজাৰ কৃষক হিতাধিকাৰীক এই আঁচনিৰ অন্তৰ্ভূক্ত কৰি লোৱা হৈছে বুলি উল্লেখ কৰি ২০২১ ৰ ভিতৰত কৃষক সকলে যাতে দুগুন উৎসাহেৰে কৃষি কৰ্ম কৰিউৎপাদন বৃদ্ধি কৰিব পাৰে তাৰেই লক্ষ্য কৰি লোৱা হৈছে বুলি মন্তব্য কৰে। তাৰোপৰি বিৰোধীয়ে কোৱাৰ দৰে এয়া কোনো নিৰ্বাচন মুখী আঁচনি নহয় বুলিও স্পষ্ট কৰি দিয়ে মন্ত্ৰী গৰাকীয়ে।

উল্লেখ্য যে, গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তি পৰীক্ষাৰ প্ৰশ্ন কাকতৰ বিসংগতি আৰু প্ৰশ্ন কাকত ফাদিল হোৱাৰ সন্দৰ্ভত প্ৰশ্ন কৰাত বিভাগীয় মন্ত্ৰী গৰাকীয়ে দুই এদিনৰ ভিতৰতে তদন্তৰ ফলাফল ওলাব বুলি উল্লেখ কৰে । আনহাতে পুনৰ নতুনকৈ পৰীক্ষা অনুষ্ঠিত হ'ব নে পূৰ্বৰ পৰীক্ষা মতেই ফলাফল ঘোষণা হব সেয়া তদন্তৰ প্ৰক্ৰিয়াৰ ওপৰতহে নিৰ্ভৰ কৰিব। ইপিনে ধুবুৰী জিলা পৰিষদৰ সভাপতি আছাদূৰ ৰহমানে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনা আঁচনি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এয়া নিৰ্বাচনমুখী আঁচনি বুলি মন্তব্য কৰে।

ABOUT THE AUTHOR

...view details