অসম

assam

By

Published : Feb 9, 2023, 10:50 PM IST

ETV Bharat / state

Crackdown on Child Marriage: পুলিচে ধৰি নিয়া স্বামী-পুত্ৰৰ চিন্তাত প্ৰাণ গ’ল মহিলাৰ

বাল্য বিবাহ কৰোৱাৰ অপৰাধত পুত্ৰৰ সৈতে স্বামীকো গ্ৰেপ্তাৰৰ পিচতেই মৃত্যুক আকোঁৱালি ল’লে এগৰাকী মহিলাই ৷ কিন্তু গুৰুত্বপূৰ্ণ বিষয়টো হ’ল যে ৰাইজে জনোৱা মতে মহিলাগৰাকীৰ পুত্ৰই বোলে এই পৰ্যন্ত বিয়া কৰোৱাই নাই । ঘটনাটো ধুবুৰীৰ (Old women died on shock)৷

Crackdown on Child Marriage
পুলিচে ধৰি নিয়া স্বামী-পুত্ৰৰ চিন্তাত প্ৰাণ গ’ল মহিলাৰ

পুলিচে ধৰি নিয়া স্বামী-পুত্ৰৰ চিন্তাত প্ৰাণ গ’ল মহিলাৰ

ধুবুৰী, 9 ফেব্ৰুৱাৰী:বাল্য বিবাহৰ গোচৰৰ ভিত্তিত স্বামী আৰু পুত্ৰক গ্ৰেপ্তাৰ কৰাৰ পিচতেই ধুবুৰীৰ এগৰাকী মহিলাই দুখ সহিব নোৱাৰি শেষ নিশ্বাস ত্যাগ কৰা ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে (Old woman died on shock) । উল্লেখ্য যে মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পিচতেই ৰাজ্যজুৰি বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান আৰম্ভ হয় । বাল্য বিবাহৰ অভিযোগত ধুবুৰী আৰক্ষীয়ে স্বামী, অভিভাৱক, কাজী আৰু পূজাৰীসহ প্ৰায় ডেৰ শতাধিক লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ।

ধুবুৰী জিলাৰ বিভিন্ন আৰক্ষী থানা এলেকাৰ পৰা ধৃত ডেৰ শতাধিক লোকক আদালতৰ জৰিয়তে জে'ল হাজোতলৈ প্ৰেৰণ কৰা হৈছে । কিন্তু আৰক্ষীয়ে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰাৰ পিচৰে পৰাই আতংকিত হৈ পৰিছে ৰাজ্যৰ লগতে ধুবুৰী জিলাৰ হেজাৰ হেজাৰ পৰিয়াল (Anti Child marriage drive in Dhubri) । তেনে সময়তে ৰাজ্যত এটাৰ পিচত আনটো মৃত্যুৰ খবৰে স্তম্ভিত কৰি গৈছে সচেতন মহলক । যোৱা শুকুৰবাৰে ধুবুৰীৰ ঝগৰাৰ পাৰ ৰৌৱা অঞ্চলৰ পৰা ধুবুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল মোস্তফা শেখ নামৰ বৃদ্ধ অভিভাৱকৰ লগতে তেওঁৰ পুত্ৰ মহিবুল হকক ।

ইপিনে আৰক্ষীয়ে স্বামী-পুত্ৰ অৰ্থাৎ পিতা-পুত্ৰক গ্ৰেপ্তাৰ কৰাৰ পিচতেই হঠাৎ অচেতন হৈ পৰে নুৰ ভানু নামৰ মহিলা গৰাকী । নুৰ ভানুক লগে লগে ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে চিকিৎসকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । কিন্তু মহিলাগৰাকীৰ স্বাস্থ্যৰ অৱস্থা ক্ৰমাৎ অৱনতি ঘটাৰ ফলত পৰিয়ালৰ লোকে ঘৰলৈ ওভতাই আনে মহিলা গৰাকীক । তেনে সময়তে বুধবাৰে পুনৰ স্থানীয় আৰক্ষীৰ দল এটাই মোস্তফা শেখৰ ঘৰত উপস্থিত হয় (Dhubri Police against Child marriage) ।

আৰক্ষীক দেখা পোৱাৰ পিচতেই পুনৰ আতংকিত হৈ পৰা নুৰ ভানু নামৰ পঞ্চাশ উৰ্ধৰ মহিলা গৰাকীয়ে ক্ষন্তেক পিচতেই মৃত্যুক আঁকোৱালি লয় । বাল্য বিবাহৰ অভিযোগত গ্ৰেপ্তাৰ হৈ ৰঙাঘৰৰ আলহী হৈ জে'লত থকা স্বামী-পুত্ৰৰ চিন্তাত শেষ নিশ্বাস ত্যাগ কৰিলে ভুক্তভোগী নুৰ ভানু নামৰ মহিলা গৰাকীয়ে । ইপিনে ইয়াৰ পূৰ্বে নুৰ ভানু নামৰ মহিলা গৰাকী কোনো ৰোগত আক্ৰান্ত নাছিল বুলিও মন্তব্য কৰে পৰিয়ালৰ লোকে ।

মহিলাগৰাকীৰ মৃত্যুৰ বিষয়ে জনাই আদালতত আবেদন দাখিল কৰাৰ পিচতেই মহিলাগৰাকীৰ শেষকৃত্যৰ বাবে দুই পিতা-পুত্ৰক নিৰ্দিষ্ট সময়ৰ বাবে জামিনত মুক্তি দিয়া বুলি জানিব পৰা গৈছে । অৱশ্যে বাতৰি লিখা পৰলৈকে মহিলা গৰাকীক সৎকাৰ কৰা হোৱা নাই । আনহাতে, মহিবুল হক নামৰ যুৱকজন হেনো এতিয়ালৈকে বিয়া কৰোৱাই নাই । কিন্তু তাৰ পিচতো দুই পিতা-পুত্ৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জে'ললৈ প্ৰেৰণ কৰাৰ পিচতেই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। অৱশ্যে আৰক্ষীয়ে কি ধৰণৰ তথ্যৰ ভিত্তিত দুই পিতা পুত্ৰক গ্ৰেপ্তাৰ কৰিছে সেই তথ্য সদৰী কৰা নাই আৰক্ষীয়ে ।

লগতে পঢ়ক:NIA Charges Against Akhil Gogoi : আপোচ নকৰাৰ বাবেই জীৱনটো জে’লত থাকিব লাগিব: অখিল গগৈ

ABOUT THE AUTHOR

...view details