অসম

assam

By

Published : Mar 18, 2020, 11:02 AM IST

Updated : Mar 18, 2020, 11:24 AM IST

ETV Bharat / state

ধুবুৰী ৰেলৱে ষ্টেচনত নাই মেডিকেল টিমঃ কৰ'ণা সন্ত্ৰাস

দেশ তথা ৰাজ্যজুৰি মহামাৰী কৰণা ভাইৰাছে ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰি অহাৰ সময়তে নিস্তব্ধ ধুবুৰীৰ স্বাস্থ্য বিভাগ। কাৰণ ধুবুৰী ৰেলৱে ষ্টেচনত নাই কোনো মেডিকেল টিম।

ধুবুৰী ৰেলৱে ষ্টেচনত নাই  মেডিকেল টিমঃ কৰ'ণা সন্ত্ৰাস
ধুবুৰী ৰেলৱে ষ্টেচনত নাই মেডিকেল টিমঃ কৰ'ণা সন্ত্ৰাস

ধুবুৰী, 18 মাৰ্চঃবিশ্বত্ৰাস কৰণা ভাইৰাছে ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে ৰাজ্য চৰকাৰে ৰাজ্যখনৰ প্ৰতিটো ৰেলৱে ষ্টেচনত মেডিকেল টিম উপস্থিত থাকি বাহিৰৰ পৰা অহা যাত্ৰী সকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ বিপৰীতে স্ক্ৰীনিং টেষ্ট কৰিবলৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে। কিন্তু এনে স্পৰ্শকাতৰ বিষয়ৰ প্ৰতিও গুৰুত্ব নাই ধুবুৰী স্বাস্থ্য বিভাগৰ । এইখন ধুবুৰী ৰেলৱে ষ্টেচনত ৰেলযোগে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা যাত্ৰী সকল আহিছে যদিও এইক্ষেত্ৰত নীৰৱ ধুবুৰী জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগ। আনকি ৰেলৰ ভিতৰত কোনো ধৰণৰ বীজাণু নাশক স্প্ৰে মৰা হোৱা নাই বুলি উল্লেখ কৰাৰ লগতে কোনো ধৰণৰ মেডিকেল টিম দেখিবলৈ পোৱা নাই বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আতংকিত যাত্ৰী সকলে ।

ধুবুৰী ৰেলৱে ষ্টেচনত নাই মেডিকেল টিমঃ কৰ'ণা সন্ত্ৰাস

অৱশ্যে দিনৰ দহ বজাৰ পিছতহে স্বাস্থ্য বিভাগৰ এটি দল ৰেলৱে ষ্টেচনত উপস্থিত হ'ব বুলি জনায় ৰেল ষ্টেচনৰ আৰক্ষীয়ে । কিন্তু পুৱাৰ ভাগত দুখনকৈ ৰেলযোগে বহু সংখ্যক যাত্ৰী ধুবুৰী ৰেলৱে ষ্টেচনত নমাৰ সময়ত নিদ্ৰাত থকা স্বাস্থ্য বিভাগে হেনো সাৰ পাব দহ বজাতহে । অৰ্থাত যি সময়ত ধুবুৰী ৰেলৱে ষ্টেচনত নকৰিব কোনো ৰেল চলাচল আৰু কোনো যাত্ৰী নাথাকিব সেই সময়ত স্বাস্থ্য বিভাগে শিবিৰ পাতিব ধুবুৰী ৰেলৱে ষ্টেচনত।

লগতে চাওকঃ

অখিক গগৈক সাক্ষাত কৰিবলৈ গুৱাহাটী কাৰাগাৰলৈ পদযাত্ৰা

Last Updated : Mar 18, 2020, 11:24 AM IST

ABOUT THE AUTHOR

...view details