অসম

assam

By

Published : Feb 13, 2021, 9:14 PM IST

ETV Bharat / state

হাত-ভৰি বন্ধা অৱস্থাত হাবিত উদ্ধাৰ নিৰুদ্দশ পঞ্চায়তৰ সভাপতি

24 ঘণ্টাৰ পিছত উদ্ধাৰ হ'ল সন্ধানহীন হৈ থকা ডুবাচুৰী গাঁও পঞ্চায়তৰ সভাপতি আমিনুল হক। বগৰীবাৰী আৰক্ষীয়ে টিপকাই ঘন জংঘলৰ পৰা হাত ভৰি বন্ধা অৱস্থাত উদ্ধাৰ কৰে সভাপতি আমিনুল হকক ৷

missing president aminul haque
24 ঘণ্টাৰ পিচত পিচত সন্ধান পোৱা গ'ল সন্ধানহীন সভাপতি আমিনুল হকৰ

ধুবুৰী, 13 ফেব্ৰুৱাৰী : অৱশেষত 24 ঘণ্টাৰ পিছত উদ্ধাৰ কৰা হ'ল সন্ধানহীন হৈ থকা ডুবাচুৰী গাঁও পঞ্চায়তৰ সভাপতি আমিনুল হকক। শুকুৰবাৰৰ আবেলিৰ পৰা সন্ধানহীন হৈ আছিল আমিনুল হক ৷

হাত-ভৰি বন্ধা অৱস্থাত হাবিত উদ্ধাৰ নিৰুদ্দশ পঞ্চায়তৰ সভাপতি

স্থানীয় লোকে সদৰি কৰা মতে শনিবাৰে খোৰাঘাট বন বিভাগে টহল দি থকা অৱস্থাত টিপকাই ঘন জংঘলত প্ৰত্যক্ষ কৰে আমিনুল হকক । ইয়াৰ পিছতে বন বিষয়াই বগৰীবাৰী আৰক্ষীক খবৰ দিয়ে । বগৰীবাৰী আৰক্ষীয়ে টিপকাই ঘন জংঘলৰ পৰা হাত ভৰি বন্ধা অৱস্থাত উদ্ধাৰ কৰে সভাপতি আমিনুল হকক ৷

উল্লেখ্য যে, সভাপতি আমিনুল হকক বগৰীবাৰী মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰি বিলাসীপাৰা আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখিছে ৷

লগতে পঢ়ক: চন্দ্ৰপুৰত ৰে'ল পথৰ সুৰংগ খান্দি থকা অৱস্থাত ভূমিস্খলন: আবদ্ধ বহুজন

ABOUT THE AUTHOR

...view details