অসম

assam

By

Published : Feb 17, 2020, 5:12 PM IST

ETV Bharat / state

ধুবুৰীত ৰন্ধন গেছৰ বৃহৎ কলা বজাৰ

ধুবুৰীত ৰন্ধন গেছৰ বৃহৎ ক'লা বজাৰ । ক'লা বজাৰত ৰন্ধন গেছ বিক্ৰী হোৱাৰ ফলত হাহাকাৰ কৰিছে সাধাৰণ গ্ৰাহকে । দিনৰ পিছত দিন ঘূৰিব লগীয়া হৈছে এটা ৰন্ধন গেছ ছিলিণ্ডাৰৰ বাবে । কিন্তু নিৰ্বিকাৰ জিলা যোগান বিভাগ ।

ধুবুৰী
ধুবুৰীত ৰন্ধন গেছৰ বৃহৎ কলা বজাৰ

ধুবুৰী, 17 ফেব্ৰুৱাৰীঃ ধুবুৰী জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ নিৰৱতাৰ সুযোগ গ্ৰহণ কৰি ধুবুৰীৰ গদাধৰ গেছ এজেন্সি আৰু অশোক গেছ এজেন্সিয়ে সাধাৰণ গ্ৰাসকক ৰন্ধন গেছ যোগান দিয়াৰ ক্ষেত্ৰত চৰম অৰাজকতা চলাই অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । উল্লেখযোগ্য যে, ধুবুৰীৰ অশোক গেছ এজেন্সিৰ মুঠ ৪৪ হাজাৰ ১১৬ জন গ্ৰাহক থকাৰ বিপৰীতে গদাধৰ গেছ এজেন্সিৰ ৰাজ সাহাৰ্যযুক্ত মুঠ ৩৭ হাজাৰ ৭৩৮ জন গ্ৰাহক আছে । দুয়োটা গেছ এজেন্সি মিলি মুঠ ৮১ হাজাৰ ৮৫৪ জন ৰাজ সাহাৰ্যযুক্ত ৰন্ধন গেছৰ গ্ৰাহকক নিয়মীয়াকৈ গেছ ছিলিণ্ডাৰ যোগান দিয়াত ব্যৰ্থ হৈছে এজেন্সি দুটাই । প্ৰতিদিনেই গেছ এজেন্সিৰ সন্মুখত পুৱা ছয় বজাৰ পৰা শাৰী পাতি থাকি দুপৰীয়াৰ ভাগতহে এটা ছিলিণ্ডাৰ লাভ কৰাৰ এক সুযোগ লাভ কৰে গ্ৰাহকে ।

ধুবুৰীত ৰন্ধন গেছৰ বৃহৎ কলা বজাৰ

গ্ৰাহকৰ অভিযোগ অনুসৰি, একাংশ দালাল শ্ৰেণীৰ লোকৰ জৰিয়তে ক'লা বজাৰত ৰন্ধন গেছ বিক্ৰী কৰা হৈছে । ৰাজ সাহাৰ্যযুক্ত ৰন্ধন গেছ ছিলিণ্ডাৰৰ মূল্য প্ৰতিদিনে বৃদ্ধি হৈ বৰ্তমান ৰাজ সাহাৰ্যযুক্ত ৰন্ধন গেছৰ মূল্য ৯১০ টকা যদিও ক'লা বজাৰত ১২০০ টকাৰ পৰা ১৫০০ টকাত বিক্ৰী হৈছে ৰন্ধন গেছ । যাৰ ফলত এটা এটা ছিলিণ্ডাৰৰ বাবে দিনৰ পিছত দিন গ্ৰাহক সকলে ঘূৰিবলগীয়া হৈছে যদিও ক'লা বজাৰত সহজলভ্য হৈ পৰিছে ৰন্ধনগেছ । ইপিনে ৰন্ধন গেছৰ বাবে সাধাৰণ গ্ৰাহকে হাহাকাৰ কৰি থকা সময়তে অশোক গেছ এজেন্সিয়ে পুৱা ন বজালৈকে নিৰ্দিষ্ট হিচাপৰ বিশেষ টোকেণ বিতৰণ কৰি সেই সকল গ্ৰাহকক ৰন্ধন গেছ যোগান ধৰি আহিছে । কিন্তু টোকেণ লাভ নকৰা বাকী থকা শ শ গ্ৰাহকে চৰম হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে ।

ধুবুৰীত ৰন্ধন গেছৰ বৃহৎ কলা বজাৰ

আনকি ছিলিণ্ডাৰৰ উপৰিও এতিয়া সেই বিশেষ টোকেণ এশ টকাত ক'লা বজাৰত বিক্ৰী হৈছে বুলি অভিযোগ উত্থাপন হৈছে । আনহাতে এই বিশেষ টোকণৰ ব্যৱস্থা কৰাৰ বাবে হেনো জিলা উপায়ুক্তৰ নিৰ্দেশনা আছে বুলি অশোক গেছ এজেন্সিৰ এজন কৰ্মচাৰীয়ে উল্লেখ কৰাত আন এক চাঞ্চল্যৰ সৃষ্টি কৰিছে। অশোক গেছ এজেন্সি আৰু গদাধৰ গেছ এজেন্সিত চলি থকা দালালৰাজ আৰু ক'লা বজাৰৰ ছিণ্ডিকেটৰাজে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে গ্ৰাহক ৰাইজৰ মাজত। বিভাগীয় কৰ্তৃপক্ষই এইক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় ।

ধুবুৰীত ৰন্ধন গেছৰ বৃহৎ কলা বজাৰ

আৰু পঢ়কঃ মুম্বাইৰ জি এছ টি ভৱনত ভয়ংকৰ অগ্নিকাণ্ড

ABOUT THE AUTHOR

...view details