ধুবুৰী, 3 ফেব্ৰুৱাৰী: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পিচতেই ৰাজ্যজুৰি অসম আৰক্ষীয়ে বাল্যবিবাহৰ বিৰুদ্ধে কঠোৰ অভিযান আৰম্ভ কৰিছে ৷ ইতিমধ্যে ৰাজ্যৰ শদিয়াৰ পৰা ধুবুৰীলৈকে স্বামী, কাজী, পূজাৰী আৰু অভিভাৱকসহ 2044 গৰাকী লোকক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষী । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাতো আৰক্ষী প্ৰশাসনে বৃহস্পতিবাৰৰ মাজ নিশাৰে পৰা পুৱাৰ ভাগলৈকে মুঠ 126 জন লোকক আটক কৰিবলৈ সক্ষম হয় (Drive against underage marriage) ।
জিলা আৰক্ষী অধীক্ষক অপৰ্ণা নাটৰাজনে সন্ধিয়াৰ ভাগত নিজ কাৰ্যালয়ত সম্বোধন কৰা সংবাদমেলত জিলাখনত বাল্যবিবাহ প্ৰসংগত মুঠ 374 টা গোচৰ ৰুজু হোৱাৰ বিপৰীতে এতিয়ালৈকে 126 জনক আটক কৰা হৈছে বুলি উল্লেখ কৰে । জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে সদৰী কৰা অনুসৰি ধুবুৰী সদৰ আৰক্ষী থানা এলেকাৰ পৰা 24 জনক আটক কৰাৰ বিপৰীতে গৌৰীপুৰ আৰক্ষী থানা এলেকাৰ পৰা 17 জন, গোলকগঞ্জ আৰক্ষী থানা এলেকাৰ পৰা 26 জন, আগমণি আৰক্ষী থানা এলেকাৰ পৰা 6 জন, বিলাসীপাৰা আৰক্ষী থানা এলেকাৰ পৰা 32 জন, সাপটগ্ৰাম আৰক্ষী থানা এলেকাৰ পৰা 3 জন আৰু চাপৰ আৰক্ষী থানা এলেকাৰ পৰা 9 জনক আটক কৰি বৰ্তমান জেৰা কৰিছে আৰক্ষীয়ে (Child marriage accused detained in Dhubri)।
ইপিনে যোৱা বৰ্ষত জিলাখনৰ বিভিন্ন আৰক্ষী থানাত বাল্যবিবাহ প্ৰসংগত ৰুজু হৈ থকা 374 টা গোচৰৰ ভিত্তিত মুঠ 687 জন অভিযুক্তক চিনাক্ত কৰি আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে । মুঠৰ ওপৰত ধুবুৰী আৰক্ষীয়ে প্ৰথম পৰ্যায়ত 687 জনীয়া এখন তালিকা লৈ অভিযান চলাই বৰ্তমানলৈকে 126 জনক আটক কৰিবলৈ সক্ষম হৈছে (Dhubri child marriage news)।
আনহাতে, ধুবুৰী আৰক্ষীৰ এই অভিযান অব্যাহত থকাৰ বিপৰীতে অভিযানৰ অন্তত জিলা প্ৰশাসনৰ বিভিন্ন বিভাগ আৰু একাংশ স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত অঞ্চলে অঞ্চলে বাল্যবিবাহৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰিব বুলি সংবাদমেলখনত সদৰী কৰে আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনে । বাল্যবিবাহৰ পৰা হোৱা ক্ষতি সন্দৰ্ভত ৰাইজক সজাগ কৰাতো অতিকৈ প্ৰয়োজন বুলি উল্লেখ কৰি, এনে বাল্যবিবাহৰ খবৰ পালেই আৰক্ষীক খবৰ দিবলৈ অনুৰোধ জনায় (Massive drive against Child marriage) ৷