অসম

assam

ETV Bharat / state

বিলাসীপাৰাৰ ৰাজীৱ ভৱনত উত্তপ্ত পৰিস্থিতি

কংগ্ৰেছ এআইইউডিএফৰ মহাজোঁটে 27 নং বিলাসীপাৰা পূৱ সমষ্টিত সৃষ্টি কৰিছে মহাজঁটৰ ৷ 27 নং বিলাসীপাৰা পূৱ সমষ্টি এআইডিইউএফক এৰি দিয়াত কংগ্ৰেছ কৰ্মীৰ মাজত ক্ষোভৰ উদগীৰণ ৷

By

Published : Mar 7, 2021, 9:19 PM IST

heated situation at rajiv bhawan in bilasipara
heated situation at rajiv bhawan in bilasipara

পশ্চিম বিলাসীপাৰা, 7 মাৰ্চ:কংগ্ৰেছ আৰু এআইইউডিএফৰ মহাজোঁটে 27 নং বিলাসীপাৰা পূৱ সমষ্টিত মহাজঁটৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে ৷ আগন্তুক অসম বিধানসভা নিৰ্বাচনত সমষ্টিটোত কংগ্ৰেছ দলে জয়লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি দাবী কৰি সমষ্টিটো এআইডিইউএফক এৰি দিয়াত ক্ষোভ উদগীৰণ ঘটাই কংগ্ৰেছ কৰ্মী সকলে ৰাজীৱ ভৱন লণ্ড-ভণ্ড কৰি সমষ্টিটোত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদান কৰাৰ বাবে দাবী জনায় ৷

বিলাসীপাৰাৰ ৰাজীৱ ভৱনত উত্তপ্ত পৰিস্থিতি

বিলাসীপাৰাৰ ৰাজীৱ ভৱন লণ্ড-ভণ্ড কৰি বিভিন্ন প্ৰতিবাদী শ্ল'গানেৰে কংগ্ৰেছ কৰ্মী সকলে এক উত্তাল পৰিৱেশৰ সৃষ্টি কৰে ৷ ৰিপুন বৰা মুৰ্দাবাদ, ৱাজেদ আলী চৌধুৰী মুৰ্দাবাদ আদি বিভিন্ন প্ৰতিবাদী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি 27 নং পূৱ বিলাসীপাৰা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰক্ষেপ নকৰিলে সমূহীয়াভাৱে কংগ্ৰেছ দল ত্যাগ কৰাৰো হুংকাৰ দিয়ে ৷

লগতে পঢ়ক:দলীয় টিকটক কেন্দ্ৰ কৰি বিজেপি-ইউপিপিএলৰ টনা-আঁজোৰা

ABOUT THE AUTHOR

...view details